উপ নিৰ্বাচনক লৈ গোসাঁইগাঁও বিধানসভা সমষ্টিত শাসক দলৰ কুচকাৱাজ , আধাৰশিলা স্হাপন কৰি ৰাইজৰ মন মোহাৰ চেষ্টা প্ৰমোদ বড়োৰ

315

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও , ৬ আগষ্টঃ ২৮ নম্বৰ গোসাঁইগাঁও সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত আৰম্ভ হৈছে ৰাজনৈতিক দলৰ কুচ-কাৱাজ।আৰু এই কুচকাৱাজত স্বাভাৱিকতে আন দলৰ তুলনাত ৰাজ্য আৰু বিটিআৰৰ শাসক দলৰ তৎপৰতাই অধিক৷ বিশেষকৈ বিজেপি আৰু জিএছপিৰ সমৰ্থনত বিটিচিৰ শাসন চলোৱা ইউ পি পি এল দলে উক্ত সমষ্টিখন দখল কৰাৰ বাবে আৰম্ভ কৰিছে বিভিন্ন ৰণকৌশল।নিৰ্বাচনৰ দিন তাৰিখ তথা উক্ত সমষ্টিৰ পৰা কোন দলৰ প্ৰাৰ্থী দিয়া সেই বিষয়েও চুড়ান্ত সিদ্ধান্ত গ্ৰহন কৰা হোৱা নাই কিন্তু যোৱাবেলি ইউপিপিএল দলে এইটো সমষ্টিৰ পৰা ভোট যুদ্ধত অৱতীৰ্ণ হোৱাত এইবেলিৰ উপনিৰ্বাচনতো ইউপিপিএলৰ পৰাই প্ৰাৰ্থী দিয়া হব বুলি একপ্ৰকাৰ নিশ্চিত দলটোৱে বিভিন্ন ৰাজনৈতিক কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ লগতে উন্নয়নমূলক আঁচনিৰ ঘোষনা কৰি শিলান্যাস কৰা অব্যাহত ৰাখিছে দলটোৰ সভাপতি প্ৰমোদ বড়োৱে।সমষ্টিটোৰ অভাৱ অভিযোগ দূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে নামি পৰিছে ইউপিপিএল দল। উল্লেখ্য যে ২৮ নম্বৰ গোসাঁইগাঁও বিধান সভা সমষ্টি বিগত চাৰিটা কাৰ্যকাল বিপিএফৰ দখলত আছিল ৷ কিন্তু কিছুদিন পূৰ্বে সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যু হোৱাত উক্ত সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ তেনে ক্ষেত্ৰত সমষ্টিটো দখল কৰাৰ বাবে ইউ পি পি এল তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷ আজি ইউ পি পি এল দলৰ মুৰব্বী তথা বিটিচি প্ৰধান প্ৰমোদ বড়োই সমষ্টিটোৰ অসম-বংগ সীমান্তৱৰ্তী অঞ্চলৰ তিনিখন পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।শিমুলটাপুৰ পৰা খয়েৰঘুটু লৈ যোৱা আঠ কিলোমিটাৰ পথৰ পকীকৰণ কৰাৰ আধাৰশিলা স্হাপন উপলক্ষে অনুষ্ঠিত প্ৰমোদ বড়োৱে কয় বিটিআৰত এতিয়া আৰু গুলী- বাৰুদ- হত্যা- হিংসাৰ পৰিৱেশ নাই৷আমাৰ লক্ষ্য কেৱল উন্নয়ন আৰু শান্তি।বিগত চৰকাৰৰ দিনত নোহোৱা কামবোৰ আমি আমাৰ পাঁচবছৰীয়া কাৰ্যকালতে শেষ কৰিম।উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰনৰ বৈষম্য নাথাকিব।সকলো জাতি জনগোষ্ঠীৰ সম উন্নয়ন সম বিকাশ ঘটিলে বিটিআৰৰ উন্নয়ন হ’ব আৰু বিটিআৰৰ উন্নয়ন হোৱা মানে অসম তথা ভাৰতৰ উন্নয়ন।উক্ত সমষ্টিৰ উপনিৰ্বাচনত মিত্ৰদলৰ প্ৰাৰ্থীৰ জয়লাভ এশ শতাংশ নিশ্চিত বুলি তেওঁ দাবী কৰে যদিও এই সমষ্টিৰ পৰা কোনদলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব সেয়া স্পষ্ট কৰা নাই।উক্ত অনুষ্ঠানত শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ সদস্য বিজেপিদলৰ সজল সিংহ উপস্হিত থাকে।মিত্ৰ দল অৰ্থাৎ বিজেপি বা ইউপিপিএল দলে এইবাৰ গোসাঁইগাঁও সমষ্টি দখল কৰাটো নিশ্চিত বুলি দাবী কৰে।তেওঁৰ সমষ্টিত এইখন পথৰ পকীকৰন কৰাৰ কামৰ আধাৰশিলা স্হাপন কৰাৰ বাবে প্ৰমোদ বড়োক ধন্যবাদ জনাই তেওঁ আকৌ কয় অতি পাছপৰা গোসাঁইগাঁও সমষ্টি আৰু বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ সৰ্বাংগীন উন্নয়ন কৰাৰ লক্ষ্য লৈ বিজেপি আৰু ইউপিপিএল দলে যৌথভাৱে কাম কৰি আছে আৰু ভৱিষ্যতেও কৰি যাব।ফলত ইয়াৰ ৰাইজ উন্নয়নৰ স্বাৰ্থত মিত্ৰদলৰ লগত থাকিব আৰু আগন্তুক উপ নিৰ্বাচনত বিজেপি- ইউপিপিএল যি দলৰেই প্ৰাৰ্থী নাথাকক কিয় তেওঁৰ বিজয় সুনিশ্চিত। সকলো জাতি-জনগোষ্টীৰ উন্নয়নে আমাৰ লক্ষ্য আৰু সেই লক্ষ্যলৈ আমি আগবাঢ়ি আছো।ৰাইজ আমাৰ লগত আছে আৰু থাকিব বুলি সজল কুমাৰ সিংহই আশা ব্যক্ত কৰে।শিমুলটাপু গাঁৱৰ গোৰ্খা সমাজৰ যুৱ নেতা যাদৱ ঢাকালে পৰিচালনা কৰা সভাত গোৰ্খা জনগোষ্ঠীৰ পৰা বিটিচিৰ মনোনীত সদস্য  মাধৱ ছেত্ৰী,ইউপিপিএল দলৰ গোসাঁইগাঁও জিলা সভাপতি জিৰন বসুমতাৰী, যুৱ ইউপিপিএলৰ সভাপতি সোমনাথ নাৰ্জাৰী সহ বিজেপি দলৰ যুৱনেতা তথা উক্ত সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্বৰ দাবীদাৰ জেঠমল মালু ওৰফে ঠুনিয়া সহ দলটোৰ স্হানীয় নেতা- কৰ্মী সকল উপস্হিত থাকে।উক্ত সভাত স্হানীয় ৰাইজে ভূমি সংক্ৰান্ত বিভিন্ন সমস্যা,বিদ্যুতৰ সমস্যা সমাধানৰ দাবী জনাই বিটিচি প্ৰধান প্ৰমোদ বড়োৰ হাতত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে গোৰ্খা সমাজৰ পৰা শিমুলটাপুত এখন গোৰ্খা ভৱন নিৰ্মাণৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰ গ্ৰহন কৰি প্ৰমোদ বড়োৱে সকলো বিষয়টো গুৰুত্বসহকাৰে লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহনৰ আশ্বাস দিয়ে।