এচিএছ বিষয়া অনুপম চৌধুৰীক হোজাইৰ উপায়ুক্তৰ দায়িত্ব

92
এচিএছ বিষয়া অনুপম চৌধুৰীক হোজাইৰ উপায়ুক্তৰ দায়িত্ব
জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১৯ আগষ্টঃ ১৯৯৩ চনৰ অসম অসামৰিক সেৱাৰ বিষয়া অনুপম চৌধুৰীক হোজাইৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে ৷ তেওঁ বৰ্তমানৰ উপায়ুক্ত ডাঃ সাদনেক সিঙৰ স্থলাভিষিক্ত হব ৷ অসম চৰকাৰৰ তথ্য আৰু জনংসযোগ বিভাগৰ যুটিয়া সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰা অনুপম চৌধুৰীক আজি ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে এক নিৰ্দেশ যোগে হোজাইৰ উপায়ুক্ত ৰূপে বদলি কৰে ৷ ২০১৫ চনত জিলা ৰূপে উন্নীত হোৱা হোজাই জিলা একাধিক সমস্যাৰে জৰ্জৰিত ৷ নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ উন্নয়ন ত্বৰান্বিত কৰিব বুলি ৰাইজে আশা কৰিছে ৷