এন আৰ এলৰ মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাৰ বৃহৎ প্ৰতিবাদ , ক্ৰটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ সৃষ্টিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবী

219

এন আৰ এলৰ মুখ্যদ্বাৰত কাৰিকৰী নিবনুৱাৰ বৃহৎ প্ৰতিবাদ , ক্ৰটিপূৰ্ণ নিয়োগ নীতি বাতিল কৰি অতিৰিক্ত পদ সৃষ্টিৰে থলুৱা নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবী , থলুৱা শ্ৰমিক-ঠিকাদাৰক প্ৰহাৰ কৰা দোষী চি আই এছ এফ যোৱানক শাস্তিৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ১৬ ছেপ্টেম্বৰ : নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ থলুৱা স্বাৰ্থ বিৰোধী নীতি আৰু শোধনাগাৰটোত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দ্বাৰা থলুৱাক নির্যাতনৰ প্ৰতিবাদত আজি শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হল নুমলীগড় শোধনাগাৰ । এন আৰ এলত অনুষ্ঠিত কৰিবলৈ লোৱা ক্ৰটিপূৰ্ণ কাৰিকৰী নিবনুৱাৰ নিয়োগ প্ৰক্ৰিয়া বাতিল কৰি থলুৱা নিবনুৱা উপকৃত হ’ব পৰাকৈ পদৰ সংখ্যা বৃদ্ধিৰ অৰ্থে গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাই এন আৰ এল কৰ্তৃপক্ষক দাবী জনায় আহিছে যদিও কেইবাবাৰো দীপক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কৰ্তৃপক্ষই নিবনুৱাৰ স্বাৰ্থক জলাঞ্জলি দি অহাৰ অভিযোগ গোলাঘাট জিলা কাৰিকৰী নিবনুৱা সন্থাৰ । নিয়োগৰ উপৰিও শোধনাগাৰটোত এসপ্তাহৰ পূৰ্বে চি আই এছ এফৰ যোৱানে এগৰাকী থলুৱা ঠিকাদাৰক বিনা কাৰণত মাৰধৰ কৰা আৰু দুগৰাকী শ্ৰমিকক মাৰপিত কৰা ঘটনাৰ দোষীক শাস্তিৰ দাবীত আজি এন আৰ এল কৰ্তৃপক্ষক চৰমপত্ৰ প্ৰদান কৰে । কৰ্তৃপক্ষৰ অৱহেলাৰ বিৰুদ্ধে নিজৰ দাবীত অটল হৈ ৰোৱা সংগঠনটোৱে আজি পুৱাই শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰতিবাদী দ্বাৰ-সভাৰ জৰিয়তে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে । সংগঠনটোৱে কৰা ঘোষণা অনুসৰি অহা ১৯ ছেপ্টেম্বৰত এন আৰ এলৰ থলুৱা স্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে সকলো দল-সংগঠনৰ উপস্থিতিত ৰাজহুৱা প্ৰতিবাদী সভা , ২০ ছেপ্টেম্বৰত এন আৰ এলৰ মুখ্যদ্বাৰত ৪ ঘন্টীয়া অৱস্থান ধৰ্মঘট, ২১ ছেপ্টেম্বৰত এন আৰ এলৰ মুখ্যদ্বাৰত সহস্ৰাধিক শ্ৰমিকৰ দ্বাৰা ১০ ঘন্টীয়া অনশন আৰু ২২ ছেপ্টেম্বৰত মুখ্যদ্বাৰ অৱৰোধ কৰাৰ কথা ঘোষণা কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে , নিবনুৱাৰ স্বাৰ্থ বিৰোধী নীতি গ্ৰহণ কৰি অহা এন আৰ এল কৰ্তৃপক্ষই বিষয়াৰ নিয়োগত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে কৰ্মচাৰীৰ নিয়োগত সদায়েই অৱহেলা সূচক নীতি পালন কৰি আহিছে । জিলাখনত হাজাৰ হাজাৰ কাৰিকৰী নিবনুৱা থকাৰ পিছতো এইসকল নিবনুৱাৰ কথা চিন্তা নকৰি শোধনাগাৰ কৰ্তৃপক্ষই অতি নূন্যতম পদৰ সৃষ্টিৰে নিবনুৱা সকলক উপহাশ কৰা বুলি সংগঠনটোৱে আক্ষেপ কৰে । আনহাতে , নিজ কৰ্মৰ দ্বাৰা স্বনির্ভৰ হ’ব বিচৰা থলুৱা নিবনুৱা তথা শ্ৰমিকক চিআইএছএফ যোৱানে মাৰধৰ কৰাৰ পিছতো এন আৰ এল কৰ্তৃপক্ষ মৌন ভূমিকাই কৰ্তৃপক্ষৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে । ইপিনে , শোধনাগাৰটোত উদ্যোগিক নিৰাপত্তা বাহিনীৰ একাংশ যোৱানে সকলো ধৰণৰ বিভাগীয় অনুমতি থকাৰ পিছতো একমাত্ৰ ঠিকাদাৰৰ পৰা ধন লাভ নকৰাৰ বাবেই বিভিন্ন সময়ত এইসকল লোকক বিনা কাৰণত হাৰাশাস্তি কৰি আহিছে । চি আই এছ এফৰ এনে অনিয়মৰ বিৰুদ্ধে নুমলীগড় ৰিফাইনেৰী গ্ৰেটাৰ ৱৰ্কাছ ইউনিয়নে সংস্থাটোৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় বিষয় ববীয়াক অভিযোগ দাখিল কৰিছে । ইপিনে , কাৰিকৰীৰ প্ৰতিবাদৰ প্ৰতি নুমলীগড় ৰিফাইনেৰী গ্ৰেটাৰ ৱৰ্কাছ ইউনিয়ন , পেট্ৰলিয়াম মজদূৰ ইউনিয়ন , চালক ইউনিয়ন আৰু আটচাকে ধৰি কেইবাটাও সংগঠনে মুকলি সমৰ্থন আগবঢ়াইছে ।