কলকতাৰ চাহে অসমত বজাৰ দখল কৰা বাবেই কেঁচা চাহপাতৰ দাম কমিল ৰাজ্যত ক্ষুদ্র চাহ খেতিয়কৰ গুৰুত্ব অভিযোগ

240

কলকতাৰ চাহে অসমত বজাৰ দখল কৰা বাবেই কেঁচা চাহপাতৰ দাম কমিল ৰাজ্যত , ক্ষুদ্র চাহ খেতিয়কৰ গুৰুত্ব অভিযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা,ডিব্ৰুগড় ১১ আগষ্ট : যি সময়ত ৰাজ্যৰ চাহে বিশ্বৰ বজাৰত সবাতোকৈ প্ৰাধান্য লাভ কৰি আছে সেই সময়ত কিন্তু চাহ খেতিয়ক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। এফালে কভিড পৰিস্থিতিৰ মাজত ৰাজ্যৰ সৰ্ব সাধাৰণৰ জীৱন জীৱিকাই নিঃশেষ ৰূপ ধাৰণ কৰাৰ দিশত, আনফালে হাজাৰ হাজাৰ নিবনুৱা জড়িত হৈ থকা চাহ উদ্যোগলৈও নামি আহিছে দুৰ্যোগ। বহু কষ্ট কৰি উৎপাদন কৰা খেতিয়কৰ কেঁচা পাতৰ এতিয়া মূল্য একেবাৰে নাই। উচিত মূল্য নাপাই পেলাই দিবলগীয়া অৱস্থা হৈছে কেঁচা পাত খেতিয়ক সকলে। ইফালে চৰকাৰৰ সদিচ্ছাৰ অভাৱ। ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতিবাদ কৰিও চৰকাৰ পৰা কোনো ধৰণৰ সহানুভূতি লাভ নকৰিলে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে। ৰাজ্য চৰকাৰে কলকতাৰ পৰা চাহ আনি অসমত ব্যৱসায় কৰা বাবেই অসমৰ উৎপাদিত চাহৰ বজাৰ নোহোৱা হ’ল ফলত কেঁচা চাহপাতৰ দাম কম হৈ পৰিছে বুলি কয় মৰাণৰ আগশাৰি চাহ বাগিচাৰ তিলৈজান চাহ বাগিচাৰ পৰিচালক বিশ্বজিৎ গগৈয়ে। লগতে তেওঁ কয়, ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহ পাতৰ মূল্য দিব নোৱাৰাৰ কাৰণ চাহ ফেক্টৰী বুলি অভিযোগ কৰে যদিও প্ৰকৃত কাৰণ সেইয়া নহয় । চৰকাৰে কলকতাৰ পৰা আমদানী কৰা বন্ধ কৰিলেহে ক্ষুদ্ৰ চাহ খেতিয়কসকল ৰক্ষা পৰিব । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ল’ব লাগিব মূল ভূমিকা বুলি উল্লেখ কৰে ।