কেএচিৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ক গোসাঁইগাঁওত বিপুল আদৰণী

108

কেএচিৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ক গোসাঁইগাঁওত বিপুল আদৰণী

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান, গোসাঁইগাঁও, ২৭ ছেপ্টেম্বৰঃ দেওবাৰে গুৱাহাটীত সদ্য গঠিত কামতাপুৰ স্বায়ত শাসিত পৰিষদৰ সদস্যসকলৰ শপত গ্ৰহণ সম্পন্ন হোৱাৰ পিছত সোমবাৰে গোসাঁইগাঁওৰ দলগাঁৱত কামতাপুৰ স্বায়ত শাসিত পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ক বিপুলভাৱে সম্বৰ্ধনা আৰু আদৰণী জনোৱা হয় ৷ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত সুদীৰ্ঘ বছৰ আক্ৰাছুৰ হৈ গণ আন্দোলনৰ নেতৃত্ব দিয়া আক্ৰাছুৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা প্ৰদীপ ৰায়ে কামতাপুৰ স্বায়ত শাসিত পৰিষদৰ অন্তৰ্ৱতীকালীন পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মনোনীত হোৱাৰ পিছতে গোসাইগাঁৱত আনন্দৰ জোঁৱাৰ উঠিছে ৷ কেএচিৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ক সন্ধিয়া গোসাইগাঁও মহকুমাৰ সদৰ চহৰত উপস্থিত হোৱাৰ পিছতে সু-সজ্জিত বিশাল বাদ্যযন্ত্ৰ সম্বলিত সমদল উলিয়াই দলগাঁওলৈ আদৰি অনা হয়৷ আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলা আৰু গোসাইগাঁও আঞ্চলিক সমিতিৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহু সংখ্যক ৰাইজে ওলাই আহি দলগাঁও কাৰ্যলয়ত কাৰ্যবাহী সদস্য গৰাকীক বিপুলভাবে সম্বৰ্ধনা জনায়৷আক্ৰাছুৰ দলগাঁওস্থিত কাৰ্যালয়ত পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মৃণাল ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত কাৰ্যবাহী সদস্য গৰাকীয়ে কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ গঠন ৰাজ্য চৰকাৰৰ এক ঐতিহাসিক সিদ্ধান্ত বুলি অভিহিত কৰি কয় যে কমতাপুৰ কোঁচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী।কোঁচ ৰাজবংশীসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোঁচ ৰাজবংশীসকলৰ কাৰণে স্বায়ত শাসিত পৰিষদ গঠন কৰি দি ৰাজবংশী সকলক সন্মান যাচিলে। কমতাপুৰ পুনৰ গঠনৰ লগতে কোঁচ ৰাজবংশীসকলৰ সহ ছয় জনগোষ্ঠীৰ। জনজাতিকৰণৰ আমাৰ আলোচনা আৰু প্ৰচেষ্টা অব্যাহত থাকিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঐতিহাসিক দাবী সমূহৰ প্ৰতি গুৰুত্ব দিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ ৰাজ্য চৰকাৰে যোগান ধৰা পুঁজিৰ সদ্‌ব্যৱহাৰ কৰি কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধান বাট প্ৰসস্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা হ’ব বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰদীপ ৰায়ে ৷ যি দৰে বীৰ চিলাৰায়ে সকলো জাতি – জনগোষ্ঠী সমন্বিতে শাসন চলাইছিল, আমিও কামতাপুৰ স্বায়ত শাসিত পৰিষদে কোঁচ ৰাজবংশীৰ লগতে সকলো জাতি, জনগোষ্ঠীৰ মাজত সমউন্নয়ন, সম বিকাশ আৰু সম্প্ৰীতিৰে কাম কৰিব যাম বুলি প্ৰতিশ্ৰুতি বদ্ধ হৈছোঁ বুলি কামতাপুৰ স্বায়ত শাসিত পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য প্ৰদীপ ৰায়ে জনায়।