কোকৰাঝাৰ জিলাৰ কংগ্ৰেছৰ দুৰ্গ মৰনাই চাহ বাগিছাত এক সহস্ৰাধিকৰ বিজেপিত যোগদান

72

কোকৰাঝাৰ জিলাৰ কংগ্ৰেছৰ দুৰ্গ মৰনাই চাহ বাগিছাত এক সহস্ৰাধিকৰ বিজেপিত যোগদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, মিজানুৰ ৰহমান , গোসাঁইগাঁও , ২৬ ছেপ্তেম্বৰঃ অগপ, কংগ্ৰেছ আৰু বি পি এফ দলৰ নেতাই ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিত বিধায়ক, মন্ত্ৰী হৈ প্ৰতিনিধিত্ব কৰিলে যদিও কোনোদিনে সমষ্টিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা নাছিল ৷ এসময়ত সমষ্টিটোত কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী আছিল আৰু মৰনাই চাহ বাগিছাৰ ভোটাৰ সকলে সদায় কংগ্ৰেছৰ পক্ষত থাকি নিৰ্বাচনত সমষ্টিটোত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল ৷ বিগত বিটিচিৰ পৰিষদীয় নিৰ্বাচনত শ্ৰীৰামপুৰ পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক মৰনাই চাহ বাগিছাৰ পৰা ২,১০০ ভোটৰ ভিতৰত প্ৰায় ১,৫০০ ভোট প্ৰদান কৰিছিল ৷কংগ্ৰেছ দলৰ পৰা মই বিজেপিত দলত যোগদান কৰাত মৰনাই চাহ বাগিছাৰ কংগ্ৰেছ দলৰ সমৰ্থিত লোক সকলেও মোক ভালপাই আৰু বিজেপি দলক ভালপাই বিজেপি দলত যোগদান কৰিলে৷ এনেদৰে মন্তব্য কৰে ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি দলৰ এম চি এল এ সজল কুমাৰ সিংহই ৷২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ মৰনাই চাহ বাগিছাৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা বিজেপি দলৰ যোগদান সভাত এম চি এল এ সজল সিংহই আৰ কয় যে বিজেপি দলৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু জনসেৱাৰ প্ৰতি আকৃষ্ট হৈ হাড়ে হিমজুৱে কংগ্ৰেছী হোৱা সত্বেও মৰনাই চাহ বাগিছাৰ আদিবাসী চাঁওতাল পুৰুষ -মহিলা সকল বিজেপি দলত যোগদান দিয়াত যোগদানকাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে৷ কংগ্ৰেছ দলে মৰনাই চাহ বাগিছাখনৰ লোকসকলক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল ৷বিজেপি দলে চাহ বাগিছাৰ লোকসকলৰ হিতাৰ্থে চিন্তা চৰ্চা অব্যাহত ৰাখি চাহবাগিছাৰ লোকসকলৰ উন্নয়নৰ দিশত আগৱঢ়াই লৈ যোৱাৰ বাবে যুগান্তকাৰী পদক্ষেপ লৈছে ৷ বিজেপি দলৰ শ্ৰীৰামপুৰ মণ্ডল সমিতিৰ সভাপতি ইমানুৱেল হাসদাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত আদিবাসী সমাজৰ বৰ্ষীয়ান নেতা তথা বিজেপি দলৰ নেতা সঞ্জয় মাৰাণ্ডীয়ে কয় যে কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসন কালত আদিবাসী সকলক ঠগ প্ৰৱঞ্চনা কৰাৰ বাহিৰে একো দিয়া নাই ৷আদিবাসীৰ ওপৰত কংগ্ৰেছ দলে সস্তীয়া ৰাজনীতি কৰি আদিবাসীৰ ভোট লাভ কৰি ৰাজপাট দখল কৰিবলৈ সক্ষম হৈছিল ৷আদিবাসী সকলে কংগ্ৰেছ দলৰ ঠগ প্ৰৱঞ্চনাৰ ৰাজনীতিৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে এতিয়া বিজেপি দল পাইছে ৷ বিজেপি দলেও শোষিত, নিষ্পেষিত আদিবাসীসকলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে ৷যাৰ ফলত আদিবাসী সকল হিলদলভাঙি বিজেপি দলত যোগদান কৰিছে ৷ এম চি এল এ সজল সিংহৰ নেতৃত্বত কংগ্ৰেছ দল ত্যাগ কৰি এক সহস্ৰাধিক লোকক বিজেপি দলত যোগদান দিয়া আদিবাসী পুৰুষ -মহিলাসকলক টুপী , বিজেপি দলৰ প্ৰতীক চিহ্নৰে আদৰি লয় বিটিচিৰ উদ্যোগ, দক্ষতা উন্নয়ন আৰু উদ্যমিতা বিভাগৰ কাৰ্য্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাৰী; ৰাজ্যিক সদস্য বিভুতি বৰগায়াৰী, জিলা সভাপতি ৰাজ কুমাৰ ব্ৰহ্ম, বিজেপি দলৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক দেবৰাজ পাল আদিকে উপস্থিত বিভিন্ন নেতৃবৃন্দই।