কোচ-ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যা সমাধানৰ দাবী , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কোচ-ৰাজবংশী সাহিত্য সভাৰ স্মাৰক পত্ৰ প্ৰদান

132

কোচ-ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যা সমাধানৰ দাবী , মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কোচ-ৰাজবংশী সাহিত্য সভাৰ স্মাৰক পত্ৰ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ , তামাৰহাট, ১৯ অক্টোবৰ : ৰাজনৈতিক,শৈক্ষিক,আৰ্থ-সামাজিক আদি সকলো দিশতে পিছ পৰি থকা অসমৰ ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ জলন্ত সমস্যা সমুহ সমাধানৰ দাবীত কালি নিশা কোচ-ৰাজবংশী সাহিত্য সভাই অসমৰ মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে , উপ নিৰ্বাচনৰ ৰণ ডংকা বজাবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দুইদিনীয়া ভ্ৰমনসূচীলৈ ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত মোৰনৈ চাহ বাগিছাত কালি গধুলি আহি উপস্থিত হয় । মোৰনৈ চাহ বাগিছাৰ অতিথি শালাত যোৱা নিশা মুখ্যমন্ত্ৰী গৰাকীয়ে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনৰ নেতৃ বৰ্গৰ লগত সাক্ষাৎ কৰি সমস্যাৰ বুজ লয় । কোচ-ৰাজবংশী সাহিত্য সভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনৰ নেতৃত্বত এটা সঁজাতি দলে কালি নিশাই মোৰনৈ চাহ বাগিচাৰ অতিথি শালাত মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি কুৰি দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে । উক্ত স্মাৰক পত্ৰ খনত কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষা নীতি-২০২০ অনুসৰি ২০২১-২২ শিক্ষা বৰ্ষত অসমৰ ৰাজবংশী অধ্যুসিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয় বোৰত নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৰাজবংশী ভাষা মাধ্যমত পাঠ দান কৰাৰ বাবে দাবী জনায় । কোচ-ৰাজবংশী জনগোষ্ঠীৰ দুগৰাকী বিধায়কক কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্তি , অসম লোকসেৱা আয়োগত জনগোষ্ঠীটোৰ পৰা কমেও এজন সদস্য নিযুক্তি,কমতাপুৰ স্বায়ত্ব শাসিত পৰিসদত কোচ-ৰাজবংশী সাহিত্য সভাৰ পৰা এজন কাৰ্যবাহী সদস্য আৰু এজন সাধাৰণ সদস্য নিযুক্তি আৰু কোচ-ৰাজবংশী উন্নয়ন পৰিষদত কোচ-ৰাজবংশী সাহিত্য সভাৰ পৰা দুগৰাকী সদস্য নিযুক্তি দিয়াৰ বাবে উক্ত স্মাৰক পত্ৰ যোগে মুখ্যমন্ত্ৰী গৰাকীক দাবী জনায় কোচ-ৰাজবংশী সাহিত্য সভাই । ৰাজবংশী ভাষাৰ প্ৰাথমিক পৰ্যায়ৰ পাঠ্য পুথি প্ৰণয়ণ,কোচ-ৰাজংশী জনগোষ্ঠীৰ পূৰ্ণাঙ্গ ইতিহাস,অভিধান,ব্যাকৰণ আদি মৌলিক গ্ৰন্থ প্ৰনয়ণৰ বাবে প্ৰয়োজনীয় আৰ্থিক মঞ্জুৰীৰ বাবে দাবী জনায় । নতুন শিক্ষা নীতি অনুসৰি কোচ-ৰাজবংশী অধ্যুসিত অঞ্চলৰ প্ৰামমিক বিদ্যালয় বোৰত ৰাজবংশী ভাষাৰ শিক্ষা দানৰ বাবে কমেও ৫০০০ গৰাকী ৰাজবংশী ভাষাৰ শিক্ষক নিযুক্তি আৰু গুৱাটী বিশ্ববিদ্যালয়কে ধৰি আন আন বিশ্ববিদ্যালয় সমুহত ৰাজবংশী ভাষাৰ চৰ্টিফিকেট কোৰ্চ মুকলি কৰাৰ বাবে দাবী জনায় । ৰাজবংশী ভাষা শিক্ষাৰ প্ৰশিক্ষণৰ ব্যাৱস্থা কৰা আৰু ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচিত ৰাজবংশী ভাষাটোক অন্তৰ্ভক্ত কৰাৰ বাবে অসম চৰকাৰৰ অনুমোদনৰ বাবেও দাবী জনায় । কোচ-ৰাজবংশী শিল্পী-সাহিত্যিক সকলক পেঞ্চন প্ৰদানৰ লগতে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত ৰাজবংশী ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰয়োগ কৰাৰ কথা উল্লেখ কৰে স্মাৰক পত্ৰ খনত । কোচ-ৰাজবংশী জনগোষ্ঠীটোক অনুসূচিত জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বাহিৰত থকা অন্যান্য পৰিষদ বিলাকত কোচ-ৰাজবংশী লোক সকলোক সম অধিকাৰ প্ৰদান কৰাৰো দাবী জনায় । কোচ ৰজা নৰনাৰাণ আৰু সেনাপতি চিলাৰায়ৰ নামত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদত বিশ্ববিদ্যালয়,চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু কামাখ্যা ধামত নৰণাৰায়ণ-চিলাৰায়ৰ স্মৃতি সংগ্ৰহালয় নিৰ্মাণৰ দাবী জনায়। অন্যান্য সাহিত্য সভাৰ নিচিনাকৈ গুৱাহাটীত কোচ-ৰাজবংশী সাহিত্য সভাৰ কাৰ্য্যালয় আৰু অতিথি শালা নিৰ্মাণৰ বাবে ভূমি আবন্টনদি প্ৰয়োজনীয় পূঁজি মঞ্জুৰী দিয়াৰ লগতে জনগোষ্ঠীটোৰ অন্যান্য জলন্ত সমস্যা সমুহ সমাধান কৰাৰ বাবে একে খন স্মাৰক পত্ৰযোগে দাবী জনায় কোচ-ৰাজবংশী সাহিত্য সভাই।