ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৫০খন ICU বিছনাৰ AMCH ত শুভাৰম্ভ

96

ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ ৫০খন ICU বিছনাৰ AMCH ত শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১৬ ছেপ্টেম্বৰ : প্ৰসিদ্ধ ক্ৰিকেটাৰ যুৱৰাজ সিঙে অসম চিকিৎসা মহাবিদ্যালয়ৰ কভিড আক্ৰান্ত শিশুৰ সু-চিকিৎসা বাবে প্ৰদান কৰাৰ ৫০ খন অত্যাধুনিক ICU ৰ বিছনাৰ শুভাৰম্ভ অনুষ্ঠানটি আজি সম্পন্ন হৈ যায় । অসম চিকিৎসা মহাবিদ্যালয়ৰ জনবেৰী হোৱাইট প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱাৰ এক ভিডিঅ কনফাৰেঞ্চত ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্ত আৰু অসম চিকিৎসা মহাবিদ্যালয়ত ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন , অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা: প্ৰশান্ত দিহিঙীয়া , লগতে চিকিৎসক ডা: জুলি ৰাভাই অংশ গ্ৰহণ কৰে । পোনপটীয়া ভিডিঅ কনফাৰেঞ্চত জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে নিজেই অংশগ্ৰহণ কৰে । উল্লেখ্য যে , ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিংৰ দ্বাৰা সংগঠিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয়লৈ জুলাই মাহত শিশুৰ বাবে অত্যাধুনিক ৫০ খন বিছনা প্ৰদান কৰিছিল । মহামাৰী ক’ভিডৰ তৃতীয় ঢৌৰ প্ৰাকক্ষণত শিশু সকলৰ সংক্ৰমণৰ আশংকা কৰা সময়তে অসম চিকিৎসা মহাবিদ্যালয়লৈ এই ভাল খবৰে আনিছিল বহু আশাৰ বতৰা । যুৱৰাজ ফাউণ্ডেশ্যনৰ পৰা অসমৰ ভিতৰত গুৱাহাটী মেডিকেলত ৫০ খন , শ্বিলং মেডিকেলত ৫০ খন আৰু ডিব্ৰুগড়ৰ মেডিকেলত ৫০ খন বিছনা প্ৰদান কৰা হৈছিল ।