কৰিমগঞ্জত ধৰা পৰিল বাৰ্মিজ চুপাৰিভৰ্তি ৰে’ল

86

কৰিমগঞ্জত ধৰা পৰিল বাৰ্মিজ চুপাৰিভৰ্তি ৰে’ল

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ, হবিবুৰ ৰহমান , ১২ ছেপ্তেম্বৰঃ বাৰ্মিজ চুপাৰিৰ কেইটামান বস্তা বা ট্ৰাক নহয় , এইবাৰ বাৰ্মিজ চুপাৰি ভৰ্তি এখন ৰে’ল ধৰা পৰিল এটি ষ্টেচনত । কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল জংচনত আবদ্ধ কৰা হৈছিল এখন সন্দেহজনক বাৰ্মিজ চুপাৰিভৰ্তি মালবাহী ৰে’ল । কৰিমগঞ্জ আৰক্ষীৰ হাতত গোপন তথ্য আছিল যে , এই ট্ৰেইনৰ যোগেদি মণিপুৰ আৰু ত্ৰিপুৰাৰ পৰা বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি অবৈধভাৱে সৰবৰাহ হ’ব পাৰে । লগে-লগে শনিবাৰে ৰাতি কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ দল বদৰপুৰ ৰে’ল জংচনত উপস্থিত হয় । এই পণ্যবাহী ট্ৰেইনত থকা কম্পাৰ্টমেন্ট চেক কৰিবলৈ বিচাৰিছিল যদিও প্ৰতিখন পাৰ্ছেল ভানত ছীল–মোহৰ থকাৰ বাবে প্ৰয়োজন আছিল মালিগাঁও ৰেল বিষয়াৰ অনুমতি । কালি কৰিমগঞ্জ আৰক্ষীয়ে মালিগাঁও ৰে’ল কৰ্তৃপক্ষক প্ৰেৰণ কৰাৰ পিছত আজি পুৱা অনুমতি লাভ কৰি কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভন বৰুৱাৰ নেতৃত্বত বদৰপুৰ ৰেল জংচনত পাৰ্চেল ভান খোলা আৰম্ভ কৰে । আৰু এনেদৰে এই ট্ৰেইনৰ মুঠ ১৫ কম্পাৰ্টমেন্ট খোলাত ওলাই পৰে ৩৫০ কুইণ্টল বাৰ্মিজ চুপাৰি । ইয়াৰ বজাৰ মূল্য ১২ কোটি টকা হব বুলি জানিব পৰা গৈছে যদিও নথি অনুসৰি ৬ কোটি দেখুওৱা হৈছে । অসমত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেটক লৈ প্ৰশাসন সজাগ হোৱাৰ পাছতো চুপাৰি মাফিয়া চক্ৰই সৰবৰাহৰ ক্ষেত্ৰত নতুন পন্থা অৱলম্বন কৰিছিল , যাৰ তথ্য পোৱা গৈছিল কিছুদিন পূৰ্বেই । জানিব পৰা মতে , চীন আৰু বাৰ্মাৰ পৰা চুপাৰি আনি মিজোৰামৰ ব্যৱসায়ীয়ে ত্ৰিপুৰা আৰু মণিপুৰৰ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰি আহিছে । সেই চুপাৰি পুনৰ ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা ৰে’লযোগে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ চলাবলৈ লৈছিল ৷