খোলাবান্ধা চৰত বৰপেটাৰ উপায়ুক্ত , আঁচনিৰ কাম-কাজ পৰিদৰ্শন

95

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ৫ আগষ্ট : বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কালি চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত দূৰণীবটীয়া খোলাবান্ধা চৰ ভ্ৰমণ কৰি কেবাখনো চৰকাৰী আঁচনি পৰিদৰ্শন কৰে । কৃষি বিভাগৰ দ্বাৰা চৰৰ খেতিয়ক সকলক যোগান ধৰা সৌৰ চালিত পাম্প পৰিদৰ্শনৰ বাবেই মূলত চৰ অঞ্চলটো ভ্ৰমণ কৰা উপায়ুক্ত গৰাকীয়ে খোলাবান্ধা প্ৰাথমিক চিকিৎসালয় আৰু খোলাবান্ধা উচ্চ মাধ্যমিক বিদ্যালয়ো পৰিদৰ্শন কৰি ইয়াৰ অৱস্থাৰ বুজ লয় । সৌৰ চালিত পাম্পছেট সমূহৰ সঠিক ব্যৱহাৰত উপায়ুক্ত গৰাকীয়ে সন্তুষ্টি কৰে আৰু ব্যৱহাৰকাৰী কৃষকৰ সৈতেও মত বিনিময় কৰে ।