গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

107

গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ০৩ অক্টোবৰঃ গুৱাহাটীত উপস্থিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । দিল্লীৰ পৰা বিমানযোগে আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত উপ-ৰাষ্ট্ৰপতি গৰাকী । গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশ লয় উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ।গুৱাহাটীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিশা গুৱাহাটীত কটাই উপ–ৰাষ্ট্ৰপতি গৰাকী কাইলৈ বৰঝাৰ বিমান বন্দৰৰ পৰা শ্বিলঙলৈ ৰাওনা হ’ব । শ্বিলঙৰ অনুষ্ঠান সামৰি পুনৰ মিজোৰামলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে উপ–ৰাষ্ট্ৰপতিগৰাকী । উত্তৰ–পূৰ্বাঞ্চলৰ এই কাৰ্যসূচী সামৰি উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু পুনৰ বৰঝাৰ বিমান বন্দৰৰ পৰা দিল্লীলৈ ৰাওনা হ’ব । বিমান বন্দৰতে উপ-ৰাষ্ট্ৰপতিগৰাকীক আদৰণী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , মন্ত্ৰী পীযূষ হাজৰিকা,পৰিমল শুক্লবৈদ্য , চন্দ্ৰমোহন পাটোৱাৰী , ডাঃ ৰণোজ পেগু , যোগেন মোহন , বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা , মন্ত্ৰী বিমল বৰা , ৰঞ্জিত দাসসহ কেইবাগৰাকীও নেতাৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াই । বিমানবন্দৰৰ পৰা পোনে পোনে মহানগৰীৰ জিলা উপায়ুক্তৰ আৱাস গৃহ (পুৰণি জিলা উপায়ুক্তৰ কাৰ্যালয়) লৈ ৰাওনা হয় উপ–ৰাষ্ট্ৰপতিগৰাকী । এম ভেংকয়া নাইডুৱে মুকলি কৰে পাণবজাৰৰ মহাবহু ব্ৰহ্মপুত্ৰ ঐতিহ্য ক্ষেত্ৰ । অসমীয়া জাতিক সমৃদ্ধ কৰা বিভিন্ন সাংস্কৃতিক উপাদান সংৰক্ষণ কৰা হৈছে এই ক্ষেত্ৰত । উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডু কিছু সময়ৰ পাছতে উপস্থিত হ’ব GMCH ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ লগত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে মুকলি কৰিব অত্যাধুনিক PET- MRI WING । দেশৰ ভিতৰত চতুৰ্থটো PET-MRI যন্ত্ৰ স্থাপন কৰা হৈছে GMCH ত । ৬২ কোটি টকা ব্যয়েৰে অত্যাধুনিক যন্ত্ৰটো স্থাপন কৰা হৈছে GMCH ত । চৰকাৰী খণ্ডত দেশৰ ভিতৰত অসমতে প্ৰথম স্থাপন কৰা হৈছে এই PET-MRI শাখাটো ।