গোলাঘাটত ক’ভিড বিধিক ভেঙুচালী একাংশৰ

142

গোলাঘাটত ক’ভিড বিধিক ভেঙুচালী একাংশৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৮ আগষ্ট : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ক’ভিডৰ লুকাভাকু ৷ অথচ্‌ ৰাইজৰ যেন বিশ্বাস নাই ৷ ক’ভিডৰ ধুমুহাত তচনচ্‌ ৰাজ্যৰ অৰ্থনীতি , দিশহাৰা সকলো ৷ সেয়ে বাধ্য হৈ প্ৰত্যাহাৰ সম্পূৰ্ণ লক্‌ডাউন ৷ পিছে অবুজ একাংশ ৰাইজ ৷ মাক্স পিন্ধে ঠিকেই পিচে মুখত নহয় থুতৰিত , পিন্ধে ঠিকেই পিছে কাণত ৷ কিয়নো , ইমান গৰম বুলি অভিযোগ তেওলোকৰ ৷ সেয়ে নাই মাক্স ,নাই ভয় ৷ কৰ’ণানো কোন ? সেইটোহে যেন বাকী সুধিবলৈ ৷ সামাজিক দূৰত্ব কাক কয় নাজানে কেৱে ? চৰকাৰে বান্ধি দিছে কটকটীয়া নিৰ্দেশ ৷ পিছে কোনে মানে কিয় মানে ? গতিকে , গোলাঘাটত জিলা প্ৰশাসনে জাৰী কৰা নীতি নিৰ্দেশনাক নামানে গোলাঘাটৰ একাংশ লোকে বুলি মত প্ৰকাশ সচেতন মহলৰ ৷ পাহৰিল মাস্ক পৰিধান কৰিবলৈ । উল্লেখযোগ্য যে , যি সময়ত গোলাঘাট জিলাত কভিডত আক্ৰান্ত সংখ্যা হ্ৰাস পাইছে যদিও বৃদ্ধি পাইছে মৃতকৰ সংখ্যা । আনফালে , গোলাঘাট জিলা প্ৰশাসনে জিলা খনত ক’ভিড হ্ৰাসৰ ক্ষেত্ৰত প্ৰশাসনৰ সাধ্যনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো কিন্তু প্ৰশাসনৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি একাংশ লোক উলাই আহিছে ৰাজ পথলৈ ।লোক সকলে পাহৰিলে মাস্ক পৰিধান কৰিবলৈ । কেবল মাত্ৰ আৰক্ষী দেখিলেহে ফাইন ভৰাৰ ভয়ত পিন্ধে মাস্ক । আন সময়ত কিন্তু এই সকল লোকৰ মাস্ক থাকেগৈ ঠোঁটৰিত অথবা একাংশ লোকৰ আকৌ মাস্কেই পৰিধান কৰিবলৈ পাহৰে ৷ গতিকে , এই ক্ষেত্ৰত সচেতন মহলৰ প্ৰশ্ন ?একেবাৰে নিঃশেষ হ’বনে এনে পৰিস্থিতিত জিলাখনত কৰ’ণা ৷ গতিকে , ক’ৰণাক জিলাখনত প্ৰতিহত কৰাত প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব , সেইয়াহে লক্ষণীয় হ’ব বুলি প্ৰসংগ উত্থাপন একাংশৰ ৷