গোলাঘাটত শিক্ষকৰ ধৰ্ণা

86

গোলাঘাটত শিক্ষকৰ ধৰ্ণা

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২১ চেপ্তেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো আজি সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সদ্য পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতিযে গোলাঘাট জিলাৰ বিভিন্ন অৰাজনৈতিক সংগঠনৰ সহযোগত উপায়ুক্ত কাৰ্যলয় সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে । ২০১৭ চনৰ শিক্ষা আইন মতে বিদ্যালয় সমূহ প্ৰাদেশিকীকৰণ কৰাৰ ফলত বিশেষকৈ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সমূহৰ ২-৩ জন শিক্ষকক চূড়ান্ত ভাবে বঞ্চিত কৰা হল । পূৰ্বতে পৰিচালনা সমিতিৰ দ্বাৰা নিযুক্তি তথা বিভাগীয় কতৃপক্ষৰ দ্বাৰা অনুমোদিত আৰু স্বীকৃতি প্ৰাপ্ত ৫ জন শিক্ষকৰ পৰিবৰ্তে ছাত্ৰ ছাত্ৰী দোহাই দি গৰিষ্ঠ সংখ্যক বিদ্যালয়ত ৩ জন শিক্ষকৰ পদ হে প্ৰাদেশিকীকৰণ কৰে । চৰকাৰৰ এই আইন বিৰোধিতা কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক এই আইন সংশোধন কৰিব বাবে অনুৰোধ জনায় । এই শিক্ষক সকলৰ ভৱিষ্যতৰ জীৱনলৈ এক ভয়ংকৰ পৰিস্থিতি মুখলৈ চৰকাৰে ঠেলি দিছে বুলি দুখ প্ৰকাশ কৰে।তেওঁলোকে অতি দুখেৰে কয় আমাক নিযুক্তি দিয়ক নহয় আমাক গুলিয়াই মাৰক, ২০১৭ চনৰ আইন সংশোধন কৰক। উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী স্থলী পৰাই জিলা উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰী লৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা যায় ৷