গোলাঘাটত ৭৫সংখ্যক স্বাধীনতা দিৱস উৎযাপন , বৃত্তমন্ত্ৰী অজন্তা নেওগ দ্বাৰা পতাকা উত্তোলন

199

গোলাঘাটত ৭৫সংখ্যক স্বাধীনতা দিৱস উৎযাপন , বৃত্তমন্ত্ৰী অজন্তা নেওগ দ্বাৰা পতাকা উত্তোলন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৫ আগষ্ট : আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ ১৯৪৭ চনৰ আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষই বৃটিছ পৰাধীনতাৰ পৰা স্বাধীনতা লাভ কৰে ৷ সেইমৰ্মে আজি ২০২১ চনৰ ১৫ আগষ্টৰ দিনাও সমগ্ৰ ৰাষ্ট্ৰৰ লগতে গোলাঘাটো ক’ভিড বিধি মানি স্বাধীনতা দিৱস উৎযাপন কৰা হয় ৷ সেইমৰ্মেই , আজি সমগ্ৰ ৰাষ্ট্ৰৰ লগতে গোলাঘাট জিলাখনৰ গোলাঘাট ,ধনশিৰি তথা বোকাখাট আদি আটাইকেইটা মহকুমাৰ অন্তৰ্গত গোলাঘাট সম্বন্বয় ক্ষেত্ৰ , দেৰগাঁও ,মেৰাপানী,মৰঙী, গোলাঘাট যোগীবিল,সৰুপথাৰ তথা বোকাখাটৰ বিভিন্ন প্ৰান্ততো মন্ত্ৰী অথবা বিধায়কসকলৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকাখনিক সন্মান জনাই পতাকা উত্তোলন কৰা হয় ৷ সেইদৰে জিলাখনৰ অন্য প্ৰান্তৰ দৰেই গোলাঘাটৰ সমন্বয় ক্ষেত্ৰতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ক’ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাটৰ সমন্বয় পথাৰত সীমিত কাৰ্যসূচীৰ মাজেৰে স্বাধীনতা দিৱস পালন কৰা হয় । দিৱসৰ কাৰ্যসূচীত অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যান মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে জিলাবাসীক উদ্দেশ্যি ভাষণ দিয়ে । তেওঁ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰ পৰিয়াল, ক’ভিড যোদ্ধা,আদৰ্শ কৃষক আৰু গাঁওৰক্ষী বাহিনীক সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা সকলক পুৰস্কাৰ প্ৰদান কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিয়া শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তি যুঁজাৰুসকলৰ যথেষ্ট ভূমিকা আছিল বুলি উল্লেখ কৰি কয় যে , দেশ ৰক্ষাৰ সংগ্ৰামত শ্বহীদ কুশল কোঁৱৰ,কমলা মিৰি,বিজু বৈষ্ণৱ,দ্বাৰিকী দাস আদিয়ে কাৰাগাৰতে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল । তেওঁ বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ লগতে জ্ঞাত-অজ্ঞাত সকলো স্বাধীনতা সংগ্ৰামীলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে । তেওঁ কয় যে , ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাৰ জোৰা মৰাৰ বাবে বাজেটত ২০০ কোটি টকা ধার্য কৰা হৈছে । ক’ভিডৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই বুলি উল্লেখ কৰি তেওঁ সকলোকে ক’ভিড বিধিসমূহ মানি চলিবলৈ আহ্বান জনায় । মন্ত্ৰী গৰাকীয়ে কয় যে , ক’ভিডৰ বিভীষিকাৰ মাজতো উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব লাগিব । বৰ্তমানৰ চৰকাৰখনে ১ লাখ নিবনুৱাক নিযুক্তি প্ৰদান,চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানছ ১১ শতাংশ বৃদ্ধি , এহেজাৰটা মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন,বটদ্ৰৱা থানক আধ্যাত্মিক সাংস্কৃতিক কেন্দ্ৰৰূপে গঢ়ি তোলা, বিদ্যালয়সমূহৰ উন্নীতকৰণ,ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ তৰান্বিতকৰণ আদি ভালেমান পদক্ষেপ লৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে , গোলাঘাট জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে বাজেটত ৫০০ কোটি টকা ধার্য কৰা হৈছে । চৰকাৰখনে গোলাঘাটত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয় স্থাপন,অসম মালা আঁচনিৰ অধীনত দেৰগাঁৱৰ পৰা ৰঙাজানলৈকে পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ আৰু ধোদৰ আলিৰ উন্নীতকৰণ আদি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে । আনহাতে , গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে , ইতিমধ্যে সৰুপথাৰত এটা ক্ৰীড়া প্ৰকল্প স্থাপনৰ বাবে ২৫ কোটি টকা ধার্য কৰা হৈছে । তেওঁ জিলা তথা ৰাজ্যখনৰ উন্নয়নী যাত্ৰাত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন , জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱা,আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ,শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ পিতৃ-মাতৃ আৰু ভালে সংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি,শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তি আৰু শ্বহীদৰ স্মৃতিসৌধত শ্ৰদ্ধা তৰ্পন কৰে । স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে মন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এটা বিনামূলীয়া ৰক্তদান আৰু চকুৰ অস্ত্ৰোপচাৰ শিবিৰ মুকলি কৰে । তেওঁ তাত নৱনির্মিত আইচিইউ কক্ষটোও পৰিদৰ্শন কৰে । তেওঁ ক’ভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক ৰূপম দুৱৰাক তেখেতৰ বাসগৃহতে গৈ সম্বৰ্ধনা জনাই বুলি জানিব পৰা যায়।