গোলাঘাটবাসী ৰাইজলৈ সাৱধানবাণী গোলাঘাট অসামৰিক চিকিৎসালৰ অধ্যক্ষৰ

60

গোলাঘাটবাসী ৰাইজলৈ সাৱধানবাণী গোলাঘাট অসামৰিক চিকিৎসালৰ অধ্যক্ষৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৭ চেপ্তেম্বৰ : ক’ভিড পৰিৱেশ ৰোধ কৰিবৰ নিমিত্তে গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে জিলাখনৰ আন আন চৰকাৰী কাৰ্যালয়ৰ দৰেই শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সকলো কৰ্মচাৰীয়ে উক্ত ক’ভিড ভেক্‌চিন গ্ৰহণ কৰা বুলি মন্তব্য কৰাৰ লগতে চিকিৎসালয়ত উপস্থিত হোৱা ৰোগী তথা অভিভাৱক সকলৰ বিষয়ে বাধ্য হৈ চিকিৎসালয়ৰ অধ্যক্ষই জনায় যে , ৰোগী তথা অভিভাৱক সকলে মাক্স পিন্ধা বিষয়টো একেবাৰে আওকাণ কৰি চিকিৎসালয়ৰ কোঠাসমূহত প্ৰৱেশ কৰাৰ লগতে সামাজিক দূৰত্ব মানি নচলাৰ অভিযোগ স্বয়ং চিকিৎসালয়খনৰ অধ্যক্ষৰ ৷ তেখেতে জনোৱা অনুসৰি , ৰোগীসকলৰ অভিভাৱক সকলক চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ক’ভিড বিধিসমূহ সম্পূৰ্ণ মানি চলিবলৈ বাৰেপতি অনুৰোধ জনোৱাৰ পিচতো তেওঁলোকে কণমানো গুৰুত্ব নিদিয়াহে দৃষ্টিগোচৰ হৈছে । গতিকে , এই সমূহ কাৰ্য্যই যাতে জিলাখনত ক’ভিড সংক্ৰমণ বৃদ্ধিত অৰিহনা আগ নবঢ়াই , তাৰ বাবে স্বয়ং চিকিৎসালয়ৰ অধ্যক্ষই সৰ্বসাধাৰণ ৰাইজসকলক অনুৰোধ জনাই বুলি জানিব পৰা যায় ৷