গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি দুৰ্ধষ প্ৰৱঞ্চক

156

গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনি দুৰ্ধষ প্ৰৱঞ্চক

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ, গোলাঘাট , ১১ চেপ্তেম্বৰ :ৰাজ্য খনৰ বিভিন্ন স্থানত বেংক প্ৰৱঞ্চনা চলাই বিভিন্ন জনৰ বেংক একাউণ্টৰ ধন হৰলুকি কৰা‌ তিনিটা দুধৰ্ষ প্ৰৱঞ্চকক আজি গোলাঘাটৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত প্ৰৱঞ্চক তিনিটা হ’ল চায়িদ আহমেদ লস্কৰ, নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী। ইয়াৰে দুটাক গুৱাহাটী আৰু এটাক হোজাই পৰা গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে , এই তিনি প্ৰৱঞ্চকে মিলি গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বেংক একাউণ্টৰ পৰা ১৩ লাখ টকা হেক কৰিছিল। প্ৰৱঞ্চক দলে এ.টি.এমত ধন উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা ১৩ লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী হোৱাৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে নিশ্চিত কৰে । গোলাঘাট আৰক্ষীয়ে এই প্ৰৱঞ্চক কেইটাৰ লগত বৰ্হিৰাজ্যৰ প্ৰৱঞ্চকৰ যোগসূত্ৰ থকা বুলি সন্দেহ প্ৰকাশ কৰে । প্ৰৱঞ্চক কেইটাৰ পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী,বহুতো মোবাইন ফোন,বেংক পাছবুক,লেপটপ,৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে প্ৰৱঞ্চক কেইটাক শোধপোছ কৰিছে । প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও সোধপোচ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷