গোলাঘাট পৰিদৰ্শন ভৱনত গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ অভিনন্দন অনুষ্ঠান

184

গোলাঘাট পৰিদৰ্শন ভৱনত গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ অভিনন্দন অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৩০ চেপ্তেম্বৰ : আজি গোলাঘাট পৰিদৰ্শন ভৱনত গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ এখনি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ জানিব পৰা মতে , যোৱা ২৬ ছেপ্টেম্বৰ গুৱাহাটী হোটেল ৰিভেৰিয়াত অনুস্থিত নিৰ্বাচনত অসম এমেচাৰ বক্সিং সন্থা সভাপতি কমল চন্দ্ৰ গয়াৰী আৰু সধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাক লৈ ১৯ জনীয়া সমিতি গঠন হয় । এই নিৰ্বাচিত সমিতিলৈ গোলাঘাট জিলাৰ সন্তান ক্ৰমে বিনয় থাপা সাংগঠনিক সম্পাদক , আনজাৰ হুছেইন সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ লগতে দীপ সন্দিকৈক উপ-সভাপতি আৰু দেৱ বৰুৱাক যুতিয়া সম্পাদক হিচাপে মনোনীত কৰাত গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠনে আজি গোলাঘাট PWD কনফাৰেঞ্চ হলত তেওলোকক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । উক্ত সভাত উপস্থিত থাকে দেৰগাঁও বক্সিং হৈ জিয়াউদ্দিন আহমেদ , শিশু মনি গগৈ , হিবজুৰ ৰহমান , অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈকে ধৰি বহু খেলোৱৈ আৰু গণ্য মান্য ব্যক্তি ।