গোলাঘাট বৰপথাৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত প্ৰশিক্ষণ শিৱিৰ

140

গোলাঘাট বৰপথাৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উদ্যোগত প্ৰশিক্ষণ শিৱিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ২৭ আগষ্ট : আজি গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আৰু বিজেপিৰ বৰপথাৰ মণ্ডলৰ সহযোগত স্বাস্থ্য স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে ৷ এই শিবিৰৰ প্ৰধান উদ্দেশ্য বৰ্তমান কভিড কালত ঘৰে ঘৰে গৈ প্ৰতিঘৰ মানুহ সজাগ আৰু সচেতন কৰাৰ লগতে গাওঁখনৰ কোনো লোক অসুস্থ হ’লে তেওঁ লোকৰ ঘৰলৈ গৈ স্বাস্থ্যৰ খবৰলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰা বুলি সংগঠনটোৱে জানিবলৈ দিয়ে ৷ গতিকে , প্ৰতিটো বুথৰ পৰা এজন পুৰুষ আৰু এগৰাকী মহিলা সমাজ স্বয়ং সেৱক সেৱা আগবঢ়াই তাৰেই সুন্দৰকৈ গোলাঘাটৰ দুজন স্বাস্থ্য বিষয়া আহি প্ৰশিক্ষণ দিয়ে বুলি জানিব পৰা গৈছে ৷ উক্ত অনুষ্ঠানত বৰপথাৰ মণ্ডলৰ সভাপতি চম্পক ৰয় সভাখন পৰিচালনা কৰাৰ লগতে সুন্দৰ বক্তব্য আগবঢ়ায় ৷ সমৰ কলাৰ চীনৰ হংকংত প্ৰশিক্ষণ লৈ অহা বিখ্যাত সমৰ কলাবিদ ৰাজকুমাৰ বসুমতাৰীৰ লগতে ধনশিৰি মহকুমাৰ কেইবাটাও মণ্ডলৰ সভাপতিৰ লগতে বৰপথাৰৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি ৰিতুল গগৈও উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷