গোসাঁইগাঁও মহকুমাৰ সকলো বিভাগৰ বিষয়াৰ সৈতে বিটিচিৰ প্ৰধানৰ মত বিনিময়ঃ প্ৰতিটো বিভাগৰ বিষয়াই সপ্তাহত তিনিদিন কাৰ্যালয়ত আৰু তিনিদিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবঃ প্ৰমোদ বড়ো

618
গোসাঁইগাঁও মহকুমাৰ সকলো বিভাগৰ বিষয়াৰ সৈতে বিটিচিৰ প্ৰধানৰ মত বিনিময়ঃ প্ৰতিটো বিভাগৰ বিষয়াই সপ্তাহত তিনিদিন কাৰ্যালয়ত আৰু তিনিদিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবঃ প্ৰমোদ বড়ো
দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও, ১৯ আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ বিষয়াৰ লগত মত বিনিময় কৰি বিভিন্ন বিভাগৰ অভাৱ অভিযোগ বিষয়ে অৱগত হৈ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে বিটিচিৰ মুখ‍্যকাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷ গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাৰ পৰিচালনাত অনুষ্ঠিত মত বিনিময় সভাত মহকুমাৰ বিভিন্ন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে নিজৰ নিজৰ অভাৱ অভিযোগ সমুহৰ বিষয়ে বিটিচি প্ৰধানগৰাকীক অৱগত কৰে৷ ইয়াৰে জনস্বাস্থ্য বিভাগ, তথ্য আৰু জনসংযোগ, বন বিভাগ, ভূমি কৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন, বিদ্যুৎ বিভাগ, ৰেচম আৰু হস্ততাত, পশুচিকিৎসা আৰু পশুপালন, খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়, আৰ এন বি চিকিৎসালয়, কৃষি গৱেষনা কেন্দ্ৰ, খণ্ড উন্নয়ন, জলসিঞ্চন আদিকে ধৰি প্ৰায় সকলো বিভাগৰ দায়িত্বপ্ৰাপ্ত বিষয়া সকলৰ পৰা সকলো বিষয়ে অৱগত হৈ সকলো সমস্যাৰ সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ লগতে প্ৰয়োজনীয় ধনৰ যোগান ধৰা হ’ব বুলি বিটিচি প্ৰধান প্ৰমোদ বড়োয়ে প্ৰতিশ্ৰুতি দিয়ে৷ বিটিচিৰ বিদ্যুৎ বিভাগক লৈ সম্প্ৰীতি বিদ্যুতৰ সাময়িক বিৰতি, অত্যাধিক হাৰত মাছুল প্ৰেৰণ আৰু গ্ৰহণ আদিকে ধৰি বিভিন্ন অভিযোগ উত্থাপিত হৈছে। উক্ত সমস্যাৰ সমাধান শীঘ্ৰে সম্পাদন কৰা হব বুলি জানিব । তেওঁ আৰু জনায় যে গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত উদ্যোগিক গতিশীলতা আছে। ইয়াৰে জাৰাগুৰী অঞ্চলত ২৫ কোটি টকা ব্যয় সাপেক্ষে এটা জৈৱিক সাৰ উৎপাদন কেন্দ্ৰ, খাদ্য উৎপাদন কেন্দ্ৰ, আলু – মাকৈ উৎপাদন আৰু গৱেষণা কেন্দ্ৰ, উত্তৰ -পূৰ্বাঞ্চলৰ দুৱাৰমুখ শ্ৰীৰামপুৰত এক আন্তঃৰাষ্ট্ৰীয় উদ্যোগিক কেন্দ্ৰ আদিকে ধৰি বিভিন্ন উদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰা হব। বিটিচিৰ প্ৰতিটো বিভাগৰ বিষয়াই সপ্তাহত তিনিদিন কাৰ্যালয়ত আৰু তিনিদিন বিভাগ পৰিদৰ্শন কৰিব বুলি কাৰ্যসূচী লোৱা হৈছে। বিটিচিৰ সকলো বিভাগৰ কাৰ্যালয়বোৰ ঠিকাদাৰ প্ৰাধান্য নহয়, জনসাধাৰণ প্ৰাধান্য হ’ব লাগিব বুলি তেওঁ সাংবাদিকক জানিব দিয়ে। উক্ত কাৰ্যসূচীত বিটিচিৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী, উইলছন হাছদা, মনোনিত পৰিষদীয় সদস্য মাধব ছেত্ৰী, পৌৰপতি প্ৰফুল্ল ইছলাৰীকে ধৰি ইউ পি পি এলৰ একাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে বিশেষকৈ বিদ্যুৎ, জলসিঞ্চন, গড় কাপ্তানী, কৃষি, শিক্ষা আদি গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়াসকলক নিষ্ঠা সহকাৰে ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে পিছ মূহুৰ্তত বিটিচিৰ মুখ‍্যকাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োয়ে তেলিপাৰাস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত উপস্থিত হৈ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ১০৯ গৰাকী গাওঁবুঢ়াক একোটাকৈ মোবাইল ফোন উপহাৰ হিচাপে আগবঢ়ায় ।