গৰ্ভপাত কৰি ছাত্ৰীক হত্যা কৰা লাহৰীঘাটৰ পলাতক  মুন্নাভাই এম বি বি এছ দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰ গ্ৰেপ্তাৰ

157
গৰ্ভপাত কৰি ছাত্ৰীক হত্যা কৰা লাহৰীঘাটৰ পলাতক  মুন্নাভাই এম বি বি এছ দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰ গ্ৰেপ্তাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , লাহৰীঘাট , ১৮ আগষ্ট : মৰিগাঁও জিলাৰ লাহৰীঘাটত ভূৱা চিকিৎসক গ্ৰেপ্তাৰ হয় । নৱম শ্ৰেণীৰ ছাত্ৰীক গৰ্ভপাত কৰি হত্যা কৰি গ্ৰেপ্তাৰ হয় মুন্নাভাই এম বিবি এছ দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰ । উল্লেখ্য যে , মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা ২২ জানুৱাৰীত  সংঘটিত হৈছিল এক জঘণ্য ঘটনা । নিজৰ ভিনিহিয়েকৰ যৌন লালসাৰ বলী হৈ অন্তঃসত্বা হৈছিল বটদ্ৰৱাৰ লালুং গাৱৰ নৱম মানৰ ছাত্ৰী । পিছত টকাৰ লালসাত মাতৃ , জ্যেষ্ঠ ভগ্নীয়ে মিলি লাহৰীঘাটৰ মুন্নাভাই এম বি বি এছ দিলদাৰ হুছেইন উৰফে পাগলা ডাক্তৰৰ সহায়ত গৰ্ভপাত কৰাইছিল । স্বয়ং মাতৃকে ধৰি নিজৰ পৰিয়ালৰ ৪-৫ জন সদস্যৰ পাশৱিকতাৰ বাবে অত্যাধিক ৰক্তক্ষৰণ হৈ মৃত্যু হৈছিল ছাত্ৰী গৰাকীৰ । মৃত ছাত্ৰী গৰাকীৰ মৃতদেহ যোৱা ২২ জানুৱাৰীত নগাঁও জিলাৰ জুৰিয়াৰ ফাকুলিস্হিত ককাকৰ ঘৰত এদিন লুকুৱাই ৰাখি ২৩ জানুৱাৰী নিশা সংগোপনে দগাঁও কৱৰস্হানত পুতি থৈছিল মৃতদেহ । দুৰ্ভগীয়া মৃত ছাত্ৰী গৰাকীৰ মাতৃ , ভিনিয়েক আৰু জ্যেষ্ঠ ভগ্নীৰ নেতৃত্বতে হৈছিল এই জঘণ্য ঘটনা । মুন্নাভাই দিলদাৰে এই ঘটনা গাপ দিবৰ বাবে পৰিয়াল টোক দিছিল ১,৫০,০০০ টকা । কিন্তু পৰবৰ্তী সময়ত ঘটনা গম পাই সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেছনৰ দুই সদস্যই মৰিগাঁৱৰ তদানিন্তন আৰক্ষী অধীক্ষকৰ ওচৰত এক এজাহাৰ দাখিল কৰে । পিছত এজাহাৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত মৃতদেহ কৱৰৰ পৰা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা কৰাতে ওলাই পৰে ছাত্ৰী গৰাকীৰ মৃত্যুৰ ৰহস্য । কিন্তু ঘটনাৰ সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে মাতৃ আৰু ভিনীয়েক বাহাৰুলক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও বৃহৎ টকাৰ লেনদেনত মুন্নাভাই দিলদাৰক ৰক্ষনাবেক্ষন দিয়ে । কিন্তু বৰ্তমানৰ আৰক্ষী অধীক্ষক গৰাকীৰ দৃঢ় পদক্ষেপত মঙ্গলবাৰে গ্ৰেপ্তাৰ হয় কালপ্ৰীট দিলদাৰ হুছেইন । ধৃত মুন্নাভাইৰ বিৰুদ্ধে লাহৰীঘাট থানাত পঞ্জীয়ন হৈছিল 56/21 নম্বৰত গোচৰ । তদন্তৰ অন্তত উক্ত গোচৰৰ ভিত্তিত মঙ্গল বাৰে মুন্নাভাই দিলদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে , অৰ্হতা হিচাবে দিলদাৰৰ উৰফে পাগলা ডাক্তৰৰ কোনো ডাক্তৰী শিক্ষাৰ প্ৰমান পত্ৰ নাই । কিন্তু এইটো ভূৱা চিকিৎসকে দীৰ্ঘদিন ধৰি লাহৰীঘাটত চলাই আহিছে অবৈধ নাৰ্চিং হুম । নাৰ্চিং হুমত নাই কোনো ডাক্তৰ । ডাক্তৰী  শিক্ষা নোহোৱাকৈয়ে চহৰাঞ্চলৰ লোক সকলৰ জীৱনক লৈ দিলদাৰে কৰি আহিছে খেলা । ধৃত মুন্নাভাইৰ এম বি বি এছৰ বিৰুদ্ধে থনাত অবৈধ মাৰণাস্ৰ লগতে বিভিন্ন অপৰাধমূলক গোচৰ আছে ।