চতিয়া সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , পৰিদৰ্শন কৰিলে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্পৰ কাম কাজ

401

চতিয়া সমষ্টিত দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , পৰিদৰ্শন কৰিলে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্পৰ কাম কাজ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত বৃহস্পতিবাৰে পোনপ্ৰথমবাৰৰ বাবে চতিয়া সমষ্টিলৈ আহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ চতিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমেই নাগশংকৰত উপস্থিত হৈ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাগশংকৰ ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে।আয়তীৰ উৰুলি, ডবা, কাঁহ, শৃংখ ধ্বনি ৰ মাজেৰে ষ্টেডিয়ামখনৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ষ্টেডিয়ামখনৰ আন্ত:গাঠনিৰ বাবে পুনৰ ১০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।ইয়াৰোপৰি নাগশংকৰ স্বাস্থ্য কেন্দ্ৰটি ৩০ খন বিচনাযুক্ত চিকিংসালয়লৈ উন্নত কৰাৰ বাবে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ পিছতে জামুগুৰিহাটত ৩৬ কোটি টকাৰে নিৰ্মাণ কাৰ্য চলি থকা বাৰেচহৰীয়া ভাওনাৰ স্থায়ী প্ৰকল্পৰ কাম কাজো পৰ্য্যবেক্ষণ কৰাৰ লগতে অঞ্চলটোৰ শলগুৰিৰ পৰা ‘কন্যকা ‘ লৈ নিৰ্মাণ কৰি উলিওৱা পকী পথৰ শুভ উদ্বোধন কৰে। ইয়াৰ পাছতে জীয়া ভৰলীৰ পাৰত বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা ‘কন্যকা ‘ পৰিদৰ্শন কৰাৰ লগতে ‘কন্যকা’ ত নিৰ্মাণ কৰি উলিওৱা আটকধুনিয়া কন্যকাৰ মূল তোৰণ আৰু অতিথিশালাৰ শুভ উদ্ধোধনৰ লগতে ৫০ কোটি টকাৰে নিৰ্মিত টুপীয়া বালিজুৰি সংযোগী পথটিৰ উপৰি বালিজুৰিত দুটি স্বাস্থ্য কেন্দ্ৰ আৰু মাৰ্কেটিং কমপ্লেক্সৰ শুভ উদ্ধোধন কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷ মূখ্যমন্ত্ৰী গৰাকীয়ে কন্যকা কৃষিপামত এটি গোশালাও ফিটা কাটি শুভ উদ্ধোধন কৰাৰ লগতে কন্যকা নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ আৰ্শীৱাদ গ্ৰহন কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ৷ দিনজোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ সংসদ পল্লবলোচন দাস, শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পিযুছ হাজৰিকাই ৷