চতিয়া সমষ্টিৰ বালিজুৰিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি , গোৰ্খা জনগোষ্ঠীৰ বাবে তিনিটা সিদ্ধান্ত ঘোষণা

126

চতিয়া সমষ্টিৰ বালিজুৰিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি , গোৰ্খা জনগোষ্ঠীৰ বাবে তিনিটা সিদ্ধান্ত ঘোষণা

দুৰ্নীতিৰ দৰ্পণ সেৱা, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ৩ ছেপ্তেম্বৰঃ দিনযোৰা কাৰ্যসূচীৰে চতিয়া সমষ্টিত ভৰি দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চতিয়া সমষ্টি ভ্ৰমণৰ শেহতীয়া এক অন্যতম কাৰ্যসূচী জামুগুৰিহাটৰ অৰুণাচল সীমান্তবৰ্তী অঞ্চল বালিজুৰিৰ পৰা মৰিসূতি, ৰঙাচকুৱা হৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী টুপিয়ালৈ প্ৰায় ৪৫.৫৯ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১৪.১৫ কি.মি. দৈঘ্যৰ পথৰ শুভাৰম্ভ ৷ সন্ধিয়া চতিয়া সমষ্টিৰ কন্যকা বহুমুখী কৃষি পামৰ পৰা উভতি আহি চতিয়া সমষ্টিৰ বালিজুৰি সাপ্তাহিক বজাৰ, বালিজুৰি নতুন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চেঙামাৰী নতুন স্বাস্থ্যকেন্দ্ৰৰ শিলন্যাশ সম্পন্ন কৰে ৷ বালিজুৰিত সন্ধিয়া মুখ্যমন্ত্ৰীক আদৰিবলৈ সহস্ৰাধিক লোক সমবেত হয় লগতে মুখ্যমন্ত্ৰীৰ হাতৰে শুভাৰম্ভ হোৱা পথটিৰ দুয়োকাষে প্ৰায় ১০ হাজাৰৰো অধিক বন্তি প্ৰজ্বলিত কৰাৰ লগতে পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীগৰাকীক স্বাগতম জনায় ৷ উক্ত অনুষ্ঠানৰ এক ভাষণ প্ৰসংগত গোৰ্খা অধ্যুষিত অঞ্চলত গোৰ্খাসকলৰ তিনিটা সিদ্ধান্ত সম্পৰ্কে মুখ্যমন্ত্ৰীৰ ঘোষণা ৷ তাৰপিছতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই নিজেই গাড়ী চলাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উঠাই লৈ শুভাৰম্ভ কৰা পথটিত দুয়োফালে সহস্ৰাধিক বিভিন্ন জাতি জনগোষ্ঠিৰ লোকসকলৰ হাতত থকা বন্তিৰ পোহৰৰ মাজে মাজে পুষ্পবৃষ্টিৰে আদৰি লৈ যায় ।