চাংসাৰীৰ এইমছ্ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

152

চাংসাৰীৰ এইমছ্ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ১১ আগষ্টঃ অতি শীঘ্ৰে সম্পূৰ্ণ ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত আছে চাংসাৰীস্থ এইমছ্ , গুৱাহাটী । অৱশ্যে কভিড পৰিৱেশৰ বাবে বিগত সময়ছোৱাত কাম-কাজত কিছু অসুবিধাৰ সন্মুখীন হৈছিল যদিও পুণৰ এইমছ্ৰ কাম যুদ্ধকালীন গতিত আগবাঢ়িছে । এই কাম-কাজৰ বুজ লবলৈ আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইমছ নিৰ্মাণ স্থলী পৰিদৰ্শন কৰে । তেওঁ পৰিদৰ্শন কালত চিকিৎসা প্ৰতিষ্ঠানখনৰ আয়ুস ভৱনৰ লগতে বহিঃ বিভাগৰ সেৱা , হোষ্টেল , প্ৰশাসনিক বিভাগ , অতিথি শালাৰ বিল্ডিং আদিৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি সংবাদ মাধ্যমৰ আগত জনায় । এতিয়া কেৱল চাংসাৰীৰ ৫৭১ বিঘা ভূমিত দিন-ৰাতি একাকাৰ কৰি চলিছে নিৰ্মাৰত এইমছ্ৰ কাম-কাজ । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী অহা ১৭ আগষ্টত অসম ভ্ৰমণলৈ আহোতে নিৰ্মাণৰত এই এইমছ্স্থলী পৰিদৰ্শন কৰিবলৈ অহাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীজনে জানিবলৈ দিয়ে ।