চিচিবৰগাওঁ ৰেল ষ্টেশ্যনত লোমহৰ্ষক হত্যা কাণ্ড

26

চিচিবৰগাওঁ ৰেল ষ্টেশ্যনত লোমহৰ্ষক হত্যা কাণ্ড

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ ,২২ চেপ্তেম্বৰঃ এগৰাকী ২৫ বছৰীয়া যুৱকক চিচিবৰগাওঁ ৰে’ল ষ্টেশ্যনত চুৰি মাৰি হত্যা কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । নৱ-নিৰ্মিত চিচিবৰগাওঁ ৰেল ষ্টেশ্যনত ৰাখি থোৱা ৰেলত সোনমনি চেতিয়া(১৯) নামৰ যুৱক জনক প্ৰেয়সীৰ সৈতে কিছু আপত্তি জনক অৱস্থাত ৰাজা চুতীয়া (২৫) নামৰ যুৱক জনে প্ৰত্যক্ষ কৰি সোণমনি চুতীয়াক এটা চৰ মাৰি সেই ঠাইৰ পৰা আঁতৰি যাবলৈ কয় । ৰেল ষ্টেশ্যনত ৰাজাৰ লগত অহা লগৰ কেইজনে ওচৰলৈ আহি সোধা-পোচা কৰে আৰু ৰেল পথেদি খোজ কাঢ়ি গুচি যায় । তাৰ ৫ মিনিট পিছতে প্ৰায় সন্ধিয়া ৫ মান বজাত সোণমনি চেতিয়াই সুযোগ পাই ৰাজা চুতীয়াক চুৰিৰে উপৰ্যুপৰি আক্ৰমণ কৰে। কিছু দূৰ আগবাঢ়ি যোৱা লগৰ কেইজনে আক্ৰমণ কৰা দেখি ল’ৰা জনক খেদি যোৱাৰ লগে লগে মটৰ চাইকেল লৈ পলায়ন কৰে । গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত ৰাজাক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিচিবৰগাঁৱৰ চিকিৎসায়লৈ নিয়ে । চিকিৎসকে সংকট জনক দেখি ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও আধা বাটত ৰাজা নামৰ যুৱক জনে মৃত্যুক আকোৱালি লয় । ৰেল আৰক্ষীয়ে হত্যা কাণ্ডটো তদন্ত কৰি ৰেল আস্থান , বিমান বন্দৰত খবৰ দিয়ে । হত্যা কৰাৰ পিছত বন্ধুৰ সৈতে মোবাইলত কথা পতা ৰেকৰ্ডিং ইতিমধ্যে ভাইৰেল হৈছে । হত্যা কৰাৰ পিছত কোনো ধৰণৰ অনুতাপ নাই হত্যাকাৰীৰ । স্থানীয় ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনাইছে ।ইপিনে , পুত্ৰক হেৰুৱাই ৰাজাৰ মাতৃ বৰ্তমান চিকিৎসাধীন হৈ আছে ।