চেঙাত লক্ষ্যধৰ চৌধুৰীক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ , অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা আৰু সাহিত্য আলাপ ,

294
চেঙাত লক্ষ্যধৰ চৌধুৰীক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ , অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা আৰু সাহিত্য আলাপ , পৃথিৱীৰ সকলো মানুহ সুখে-শান্তিৰে বসবাস কৰাটো চাই যাব খোজা আছিল লক্ষ্যধৰ চৌধুৰীৰ দুৰ্বাৰ হেঁপাহ : ডাঃ অঞ্জনজ্যোতি চৌধুৰী
দুৰ্নীতিৰ দৰ্পণ , ভেল্লা , ১৯ আগষ্টঃ  অসমৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমে কালি সন্ধিয়া বৰপেটা জিলাৰ চেঙাত  বিৰিণা গোষ্ঠী অসমৰ প্ৰতিমহীয়া সাহিত্য আলাপ বিৰিণা বৈভৱ আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে । অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে ক’ভিদ প্ৰট’কল অনুসৰি অনুষ্ঠিত হয় গোষ্ঠীটোৰ আগষ্ট মাহৰ সাহিত্য আলাপ আৰু স্মৃতিচাৰণ সভা । স্মৃতিচাৰণ সভাত গল্পকাৰ-নাট্যকাৰ -ৰাজনীতিবিদ , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ ২১ সংখ্যক মৃত্যু বাৰ্ষিকীত তেখেতক স্মৰণ কৰি তেখেতৰ জীৱন-দৰ্শন , কৰ্মৰাজি আৰু সৃষ্টিৰাজিৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় । অফলাইন আৰু অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে । অনলাইনযোগে উপস্থিত থাকি লক্ষ্যধৰ চৌধুৰীৰ দ্বিতীয় পুত্ৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে পিতৃৰ সান্নিধ্য আৰু জীৱন-দৰ্শন , সৃষ্টিৰাজিৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে গীত আৰু কথা-কবিতাৰে অনুষ্ঠানটোক জীপাল কৰি তোলে । পৃথিৱীৰ সকলো মানুহ সুখ-শান্তিৰে বসবাস কৰাটো চাই যাব খোজা এটা দুৰ্দান্ত হেঁপাহ পিতৃ লক্ষ্যধৰ চৌধুৰীয়ে পুহি ৰাখিছিল বুলিও ভাষণ প্ৰসংগত ব্যক্ত কৰে ।  বিৰিণা গোষ্ঠী অসমৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ অনলাইন ব্যৱস্থা পৰিচালনা কৰে গোষ্ঠীটোৰ উপ সভাপতি বসন্ত ঠাকুৰীয়াই । প্ৰয়াত লক্ষ্যধৰ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰবীন অভিনেতা মৃগেন্দ্ৰ নাৰায়ণ বৰুৱা আৰু লক্ষ্যধৰ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চেঙা ঐক্য সন্মিলনৰ সভাপতি অনিল চন্দ্ৰ পাঠকে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে প্ৰবীন অভিনেতা কনক ঠাকুৰীয়াই । অফলাইনৰ উপৰি অনলাইনত সংযুক্ত হোৱা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সদস্যসকলক আদৰণি জনাই ভাষণ প্ৰদান কৰে গোষ্ঠীটোৰ উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে । লক্ষ্যধৰ চৌধুৰী সম্পৰ্কত বক্তব্য প্ৰদান কৰি ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ সৈতে মত- বিনিময় কৰি বিৰিণা গোষ্ঠীৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে উৎসাহজনক কৰ্মৰ ফল দিগন্ত বিয়পি থাকে বুলি মন্তব্য কৰে বৰপেটাৰ শিক্ষাব্ৰতী ৰোহিণী কুমাৰ দাসে । অনলাইনযোগে উপস্থিত থাকি লক্ষ্যধৰ চৌধুৰীৰ স্মৃতিচাৰণ কৰাৰ লগতে কবিতা পাঠ কৰে লক্ষ্মীমপুৰৰ বিশিষ্ট কবি-সাহিত্যিক তথা গোষ্ঠীটোৰ উপদেষ্টা কল্যণী চক্ৰবৰ্ত্তী গগৈয়ে । সন্ধিয়া সাত বজাৰ পৰা অনলাইনত উপস্থিত থাকি গীত-কথা-কবিতাৰে অনুষ্ঠানটো সজীৱ কৰি ৰাখে লক্ষীমপুৰৰ কবি নাজলীনা আলম, কমৰুল হুছেইন , নগাঁৱৰ কবিতা বৰা, হাছিনা মমতাজ, বোকাখাতৰ পপী শইকীয়া, কৰ্ণাটকৰ মাংগালোৰৰ ৰুমী ঠাকুৰীয়া, বাক্সাৰ অৰুন্ধতী দাস, বৰপেটাৰ পিনু বৰ্মন, নলবাৰীৰ প্ৰণীতা হালৈ, জেচমিন হুছেইন, সুৰভি বৰ্মন আৰু বিশিষ্ট কবি ড° বিনয় কুমাৰ মজুমদাৰ আদি কেইবাগৰাকী বিশিষ্ট কবি- সাহিত্যিকে । সভাৰ আৰম্ভণিতে এটি বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে নলবাৰীৰ বিশিষ্ট কবি প্ৰণিতা হালৈয়ে । অনলাইনত সংযুক্ত থাকি মাংগালোৰৰ ৰূমী ঠাকুৰীয়া, বৰপেটাৰ পিনু বৰ্মন আৰু নগাঁৱৰ কবিতা বৰাই গীত আৰু ঘোষাৰে অনুষ্ঠানটোক জীপাল কৰি ৰাখে । অনুষ্ঠানত উপস্থিত থাকি অফলাইন যোগে বক্তব্য প্ৰদান কৰি  ৰসজ্ঞ লক্ষ্যধৰ চৌধুৰীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰাৰ লগতে একোটাকৈ কবিতা পাঠ কৰে বিশিষ্ট কবি জিয়াউৰ ৰহমান , ৰমণী পাঠক, কুলদীপ পাঠকে ।  অফলাইন যোগে  লক্ষ্যধৰ চৌধুৰীৰ বহুল চৰ্চিত নাটক ৰক্ষকুমাৰৰ সংলাপ আওৰায় প্ৰবীন অভিনেতা মৃগেন্দ্ৰ নাৰায়ণ বৰুৱা আৰু কনক ঠাকুৰীয়াই । সভাপতিৰ ভাষণত লীলাধৰ পাঠকে জীয়া মানুহৰ হিয়াৰ কাহিনী বিচাৰি ফুৰা শিল্পী-সাহিত্যিক, ৰসজ্ঞ লক্ষ্যধৰ চৌধুৰীদেৱ স্বৰূপতে এজন মানৱদৰদী ব্যক্তি আছিল বুলি মন্তব্য কৰে । চেঙা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱ বায়ন, চেঙা ঐক্য সন্মিলনৰ সম্পাদক কুলেন্দ্ৰ ডেকা, বিৰিণাৰ সহকাৰী সম্পাদক সুৰজিৎ পাঠক, জেহেৰুল ইছলাম, খঞ্জনজ্যোতি পাঠক , অৱনী নাথ ,সমৰজিৎ পাঠক, দিলীপ তালুকদাৰ, মইদুল ইছলাম (মণি)কে আদি কৰি বৰপেটা আৰু নলবাৰী জিলাৰ কেইবাগৰাকী সদস্য উপস্থিত থকা অনুষ্ঠানটোৰ  শলাগৰ শৰাই আগবঢ়ায় গোষ্ঠীটোৰ বিশেষ প্ৰতিনিধি  খনীন পাঠকে । অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পেলোৱা হয় ।