চৰাইদেউত পুনৰ পাঠদান আৰম্ভ কৰাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ

98

চৰাইদেউত পুনৰ পাঠদান আৰম্ভ কৰাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নৱজ্যোতি টিপমীয়া, চৰাইদেউ , ১৪ আগষ্টঃ কভিড পৰিস্থিতিৰ বাৱে যোৱা প্ৰায় দুটা বছৰ ধৰি সমগ্ৰ অসমৰ লগতে চৰাই দেউ জিলাতো শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে । ৰাজ্য চৰকাৰে শেষতীয়াকৈ অনলাইন শিক্ষা ব্যৱস্থাৰ প্ৰয়োগ কৰিছিল যদিও গ্ৰামাঞ্চলৰ একাংশ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে মোবাইলৰ অভাৱত অনলাইন শিক্ষা গ্ৰহণ পদ্ধতিৰ পৰা বিৰত থাকিব লগা হৈছে ৷ ৰাজ্যত দৈনিক সাপ্তাহিক বজাৰ অনুষ্ঠিত কৰিব পাৰে চৰকাৰী বেচৰকাৰী কাৰ্য্যালয় আদি খুলিব পাৰে শিক্ষানুষ্ঠানসমূহ কিয় চৰকাৰে খুলিব নোৱাৰে এই অভিযোগ তুলি শনিবাৰে চৰাইদেউ শিক্ষা সংস্কৃতি সমাজৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে স্কুল কলেজ খুলি দিয়ক,সামাজিক দুৰত্ব মানি চলিম,অনলাইনৰ ক্লাছৰ পৰা মুক্তি দিয়ক,শ্ৰেণী কোঠালৈ ঘূৰি যাবলৈ দিয়ক,স্বাভাৱিক জীৱন যাত্ৰা ঘূৰাই তোলক,শিক্ষাৰ শিতানত GDP ৰ ১২% খৰচ কৰক আদি দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰায় অৰ্ধ শতাধিক কণ কণ ছাত্র ছাত্ৰীৰ আৰু অভিভাৱকে জিলা খনৰ সাপে খাটি মেডিকেল তিনি আলিত প্ৰতিবাদ কৰে ।