ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে নগাঁৱত এআইইউডিএফৰ মৌন সমদল কৰি প্ৰতিবাদ , মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ এককালীন-উচ্ছেদিত সকলক উপযুক্ত স্থানত ৬ বিঘাকৈ মাটি প্ৰদানৰ দাবী

210

ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে নগাঁৱত এআইইউডিএফৰ মৌন সমদল কৰি প্ৰতিবাদ , মৃতকৰ পৰিয়ালক ২০ লাখ টকাৰ এককালীন-উচ্ছেদিত সকলক উপযুক্ত স্থানত ৬ বিঘাকৈ মাটি প্ৰদানৰ দাবী

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ২৫ ছেপ্টেম্বৰ : এআইইউডিএফৰ নগাঁও জিলা সমিতি আৰু দলটোৰ যুৱ আৰু ছাত্ৰ মৰ্চাৰ নগাঁও জিলা সমিতিৰ সন্মিলিত উদ্যোগত দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিত চলোৱা হত্যাযজ্ঞ আৰু অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি নগাঁৱত এক মৌন সমদল উলিওৱা হয়। দলটোৰ শতাধিক নেতা-কৰ্মীয়ে নীৰিহ মানুহক হত্যা বন্ধ কৰক, অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদৰ পূৰ্বে পুণৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ছিপাঝাৰৰ উচ্ছেদিত সকলক ভুমি প্ৰদান কৰক, চৰাঞ্চলৰ লোকক মাটিৰ পট্টা দিয়ক, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগান সম্বলিত প্লে’ কাৰ্ড হাতে হতে লৈ নগাঁও চহৰৰ নেহৰুৱালিৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈ মৌন সমদল বাহিৰ কৰে। মৌন সমদলৰ পিছত দলটোৰ জিলা সমিতিৰ সভাপতি বদৰুজ্জাহ চৌধুৰী, কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান আৰু সাধাৰণ সম্পাদক জহিৰুল ইছলামৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ সন্দৰ্ভত এক ন্যায়িক তদন্ত কৰা, গৰুখুটিত মৃত হোৱা লোকক ২০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে আহত সকলক ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য দিয়া, উচ্ছেদিত প্ৰতিটো পৰিয়ালক অতি কমেও ছয় বিঘা মাটি প্ৰদান কৰাকে ধৰি পাঁচ দফীয়া দাবী উত্থাপন কৰে। প্ৰতিবাদৰ পিছত সংবাদ মাধ্যমৰ আগত দলটোৰ জিলা সভাপতি তথা অধিবক্তা বদৰুজ্জাহ চৌধুৰীয়ে কয়, ” দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিত প্ৰায় ৩০/৪০ বছৰ ধৰি বসবাস কৰি অহা গৃহহীন ভাৰতীয় নাগৰিক সকলক যিদৰে অমানৱীয় উচ্ছেদ চলাইছে ই নিতান্তই গৰিহণাৰ যোগ্য। বিজেপি নেতৃত্বাধীন চৰকাৰখনে আৰক্ষী প্ৰশাসনৰ জৰিয়তে যিদৰে উচ্ছেদৰ নামত নিৰস্ত্ৰ নীৰিহ লোক গুলীয়াই হত্যা কৰিলে সেইটো এক গণতন্ত্ৰ বিৰোধী, বেআইনী আৰু অমানৱীয়। এনে কাৰ্যৰ দ্বাৰা চৰকাৰৰ সাম্প্ৰদায়িক আৰু মুছলমান বিদ্বেষী চৰিত্ৰটোহে প্ৰকাশ কৰিছে। তেওঁ বিকল্প সংস্থাপন অবিহনে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰাৰ বাবে তীব্ৰ দাবী উত্থাপন কৰে। প্ৰতিবাদত অংশ লৈ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে কয়, বিজেপি নেতৃত্বাধীন অসমৰ চৰকাৰখনে একপক্ষীয় ভাবে আৰু উদ্দেশ্যে প্ৰনোদিত ভাবে গৰুখুটিত উচ্ছেদ চলাইছে। উচ্ছেদৰ নামত যি নিৰ্মম হত্যাযঞ্জ চলালে ই খুবেই নিন্দনীয় বুলি মন্তব্য কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়, পুণৰ সংস্থাপন অবিহনে কৰা উচ্ছেদে কোনো সমস্যাৰ স্থায়ী সমাধান নকৰে। তেওঁ আলাপ আলোচনাৰ মাধ্যমেৰে বেদখলৰ সমস্যাটো সমাধানৰ চেষ্টা কৰিলে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’লহেতেন বুলি মন্তব্য কৰে।