ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

53

ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িত থকাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৭ ছেপ্টেম্বৰঃ ছিপাঝাৰৰ ধলপুৰ কাণ্ডত জড়িত থকাৰ অভিযোগত সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ হোৱা লোক দুজন হ’ল আছমত আলী আৰু ছান মামুদ । ধৃত আছমত আলী বাজনাপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ছান মামুদ সাণোৱা গাঁও পঞ্চায়তৰ সভাপতি বুলি জানিব পৰা গৈছে । ছিপাঝাৰ আৰক্ষীয়ে নিজ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োজনকে । ধলপুৰ কাণ্ডত উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল দুয়োজন লোকৰ বিৰুদ্ধে । দুয়োকে ছিপাঝাৰ থানাত সোধা–পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে । ধনদাবী আৰু উচটনিমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দুয়োজনক । ধৃত ছান মামুদৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩নং ধলপুৰ আৰু আছমত আলীৰ ঘৰ ছিপাঝাৰ থানাৰ অন্তৰ্গত ৩ নং ধলপুৰ ভেটিবজাৰত বুলি জানিব পৰা গৈছে ।