ছিপাঝাৰ কাণ্ডক লৈ মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থাই,ৰক্তক্ষয় অবিহনে শান্তিপূৰ্ণভাৱে উচ্ছেদ হওকঃ সমুজ্জ্বল ভট্টাচাৰ্য

94

ছিপাঝাৰ কাণ্ডক লৈ মুখ খুলিছে সদৌ অসম ছাত্ৰ সন্থাই,ৰক্তক্ষয় অবিহনে শান্তিপূৰ্ণভাৱে উচ্ছেদ হওকঃ সমুজ্জ্বল ভট্টাচাৰ্য

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যত আমি অপ্ৰীতিকৰ পৰিৱেশ নিবিচাৰো৷ আমি শান্তিপূৰ্ণভাৱে উচ্ছেদ হোৱাটো বিচাৰো৷ এয়া নতুন কথা নহয় ৷ ছিপাঝাৰৰ ধলপুৰ গৰুখুটিৰ উচ্ছেদৰ দাবীত ২০১৬ চনৰ ৩১ আগষ্টত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ ৷ ধলপুৰ কাণ্ডৰ দুদিন পিছত এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ ৰাজ্য চৰকাৰলৈ আছুৰ আহ্বান এই যে , উচ্ছেদ হওক আপত্তি নাই , কিন্তু শান্তিপূৰ্ণভাৱে হ’ব লাগিব ৷ দীৰ্ঘদিনে আছুয়ে কৰি অহা প্ৰতিবাদ–আন্দোলনৰ স্থায়ী সমাধান হওক ৷ তাৰ বাবে চৰকাৰে ৰক্তক্ষয় নহোৱাকৈ শান্তিপূৰ্ণভাৱে আগবাঢ়ক ৷ অৱশ্যে,একে সময়তে এগৰাকী ফটোগ্ৰাফাৰে ঢলি পৰা লোকৰ ওপৰত জঁপিয়াই পৰা দৃশ্য সঁচাকৈ অমানৱীয় বুলি মন্তব্য কৰে সমুজ্জ্বল ভট্টাচাৰ্যই ৷ এনে ঘটনাও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷