জনজাতি কৰণক লৈ টাইপাৰ তীব্ৰ প্ৰতিবাদ

83

জনজাতি কৰণক লৈ টাইপাৰ তীব্ৰ প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,নৱজ্যোতি টিপমীয়া,চৰাইদেউ , ৪ ছেপ্তেম্বৰঃ আজি চৰাই দেউ জিলাৰ সদৰ সোনাৰীৰ মাজ মজিয়াত টাই আহোমক জনজাতি আৰু স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত টাই আহোম যুৱ পৰিষদ অসমে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ বিভিন্ন জিলাৰ লগতে চৰাইদেউ জিলাৰ সোণাৰি লাচিত উদ্যানৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে টাইপাই । চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰে টাইপাই ৷ সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ নৱদ্বীপ বৰুৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি টাই আহোমক জনজাতি প্ৰদান নকৰা তথা স্বায়ত্ত্ব শাসন প্ৰদান নকৰাক লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হয় আৰু অতি শীঘ্ৰে চৰকাৰক জনজাতি কৰণৰ বাবে দাবী জনায় অন্যথা পৰৱৰ্তী সময়ত গণতান্ত্ৰিক ভাবে আৰু জংগী আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ।