জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ সৈতে শিৱসাগৰ জিলা উপায়ুক্তৰ বৈঠক

79

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ সৈতে শিৱসাগৰ জিলা উপায়ুক্তৰ বৈঠক

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ,অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাৰ নৱ-নিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালে উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ সৈতে “জল জীৱন মিছন”ৰ অধীনত ৰূপায়ণ হৈ থকা বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ আঁচনি সমূহৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালোচনা কৰে । সভাত উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম গুৰুত্বপূৰ্ণ ফ্লেগশ্বিপ কাৰ্যসূচী “জল জীৱন মিছন”ৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানীৰ গৃহ সংযোগ আঁচনি সমূহ ক্ষীপ্ৰতাৰে তথা ফলপ্ৰসূ ভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ এই ক্ষেত্ৰত আঁচনিৰ সংখ্যাৰ লগতে এইসমূহৰ গুণগত মানদণ্ড বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জিলাখনৰ অংগনৱাদি কেন্দ্ৰসমূহৰ লগতে প্ৰাথমিক বিদ্যালয়সমূহৰ যিসমূহত পানী যোগান ব্যৱস্থা নাই , সেই সমূহত বিশুদ্ধ খোৱাপানীৰ টেপ সংযোগৰ ব্যৱস্থা কৰিবলৈ কয় । তেওঁ “জল জীৱন মিছন”ৰ অধীনত চাহ বাগিচা এলেকা সমুহতো বিশুদ্ধ খোৱা পানী যোগানৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । জিলাখনত “জল জীৱন মিছন”ৰ অধীনস্থ আঁচনি সমূহৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লৈ আঁচনি সমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা তথা সমস্যা সমূহৰ বিষয়ে বিভাগীয় বিষয়াসকলক তেওঁক অৱগত কৰিবলৈ কয় , যাতে এই সমস্যা সমূহ শীঘ্ৰে সমাধান কৰিব পৰা যায় । তেওঁ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ লগত প্ৰয়োজনীয় সমন্বয় ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে । জল জীৱন মিছনৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনিৰ কাম-কাজৰ ওপৰত জিলা প্ৰশাসনৰ তীক্ষ্ণ দৃষ্টি নিবদ্ধ থাকিব বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে,”জল জীৱন মিছন”ৰ অধীনত চলি থকা আঁচনি সমূহৰ অগ্ৰগতিৰ সম্পৰ্কে সময়ে সময়ে পৰ্য্যালোচনা অব্যাহত থাকিব । উল্লেখযোগ্য যে, যোৱা আগষ্ট মাহৰ নিৰ্ধাৰিত ৬,০০১ টা খোৱাপানীৰ টেপ সংযোগৰ লক্ষ্য বিপৰীতে ১০০ শতাংশতকৈ অধিক সফলতা অৰ্জন কৰি জিলাখনত ৬,০২২ খন আঁচনি সম্পূৰ্ণ কৰা হৈছে । সভাত অতিৰিক্ত আয়ুক্ত কৰ্মদেৱ ব্ৰহ্ম,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা দিলীপ শ্যাম , সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে ।