জামুগুৰিহাটত মদৰ ৰাগীত মাতাল চিকিৎসক , চিকিৎসকৰ গাড়ীত উদ্ধাৰ নিচাজাতীয় সামগ্ৰী

114

জামুগুৰিহাটত মদৰ ৰাগীত মাতাল চিকিৎসক , চিকিৎসকৰ গাড়ীত উদ্ধাৰ নিচাজাতীয় সামগ্ৰী

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ চেপ্তেম্বৰঃ জামুগুৰিহাটৰ শলগুৰিত নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ লগতে মদৰ ৰাগিত মাতাল হৈ দূৰ্ঘটনাত পতিত হৈ গুৰুত্বৰ ভাৱে আহত হয় এজন চিকিৎসক সহ এগৰাকী যুৱতী ৷ ঘটনাৰ বিৱৰণী অনুযায়ী , এগৰাকী চিকিৎসকে দিন দুপৰতে নিচাযুক্ত দ্ৰৱ্যৰ লগতে মদ্যপান কৰি আন এগৰাকী যুৱকৰ সৈতে দুগৰাকী যুৱতীক লগতলৈ AS 12 w6916 নম্বৰ এখন গাড়ীৰে ধলাইবিললৈ বুলি আহি থকা অৱস্থাত শলগুৰিৰ পাঁঞ্চজন্য নামঘৰৰ সন্মুখৰ এডাল প্ৰকাণ্ড গছত খুন্দামাৰে চালকৰ আসনত থকা চিকিৎসক গৰাকীয়ে ৷ এই দুৰ্ঘটনাত চিকিৎসক গৰাকীৰ লগতে এগৰাকী যুৱতী গুৰুত্বৰভাৱে আহত হয় ৷ পাচত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত জামুগুৰি আৰক্ষীয়ে আঘাতপ্ৰাপ্ত চিকিৎসক সহ যুৱতী গৰাকীক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসক গৰাকীৰ গাড়ীৰ ভিতৰত বিভিন্ন নিচাযুক্ত সামগ্ৰী উদ্ধাৰ হোৱা বুলিও মন্তৱ্য কৰে স্থানীয় ৰাইজে ৷ এই কভিড মহামাৰীৰ সময়ত এগৰাকী চিকিৎসকে ৰাইজক সেৱা আগবঢ়োৱাৰ পৰিবৰ্ত্তে ডিঙিলৈকে মদ সেৱন কৰি দুৰ্ঘটনা সংঘটিত কৰি ফুৰাৰ লগতে নিচা জাতীয় সামগ্ৰী গাড়ীত লৈ ফুৰা কাৰ্য্যই সচেতন মহলৰ চকু কপালত তুলিছে ৷