জামুগুৰিহাটৰ ধলাইবিলত এম জি ডেকা লেব এণ্ড ডায়েগ্নষ্টিক চেন্টাৰৰ শুভ উদ্বোধন কৰে অধ্যক্ষ জীৱন বৰাই

106

জামুগুৰিহাটৰ ধলাইবিলত এম জি ডেকা লেব এণ্ড ডায়েগ্নষ্টিক চেন্টাৰৰ শুভ উদ্বোধন কৰে অধ্যক্ষ জীৱন বৰাই

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ অক্টোবৰঃ শোণিতপুৰৰ জামুগুৰিহাটৰ ধলাইবিলত আজি উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত এখন অত্যাধুনিক এম জি ডেকা লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদ্বোধক তথা অধ্যক্ষ জীৱন বৰাই কয় যে, “উত্তৰ অঞ্চলত যি এক্সৰে আৰু আলট্ৰা চাউণ্ডৰ যি এক সমস্যাৰ সন্মুখীন হোৱা দেখা যায় , তেনে সময়তে জামুগুৰিহাটৰ শলগুৰিৰ প্ৰশিক্ষণ প্ৰাপ্ত লেব টেকনিচিয়ান মিনাক্ষী ডেকা আৰু কাজিৰঙাৰ গিতালী ডেকাই যুটিয়াভাবে মিলি এই অত্যাধুনিক লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰখন মুকলি কৰে । উত্তৰ অঞ্চলৰ এই বিশেষ লেব এণ্ড ডায়েগ্নষ্টিক কেন্দ্ৰৰ জৰিয়তে বালিজুৰি , মঙলবৰীয়া , ৰঙাচকুৱা , মৰিসুতি , আজাৰগুড়িকে ধৰি বহুকেইখন ভিতৰুৱা অঞ্চলৰ ৰাইজৰ বাবে বহুত সুবিধা হ’ব বুলিও জানিবলৈ দিয়ে । উক্ত ডায়েগ্নষ্টিক কেন্দ্ৰটোত স্ত্ৰী ৰোগ বিশেষজ্ঞ , ঔষধ বিশেষজ্ঞ , গায়ন’লজিষ্ট বিশেষজ্ঞকে ধৰি কেইবাগৰাকী প্ৰতিষ্ঠিত চিকিৎসকে সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে । মহিলা দুগৰাকীৰ এনে প্ৰচেষ্টাক অঞ্চলটোৰ সচেতন মহলে শলাগ লৈছে ৷