জুৰীয়াৰ দুই প্ৰতিভাৱান খেলুৱৈক সম্বৰ্ধনা বিধায়ক নুৰুল হুদাৰ

130

জুৰীয়াৰ দুই প্ৰতিভাৱান খেলুৱৈক সম্বৰ্ধনা বিধায়ক নুৰুল হুদাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ৪ নৱেম্বৰঃ চাউথ এছিয়ান গেইমছত ভাৰতীয় ভলীবল দলে সোণৰ পদক লাভ কৰা দলটোৰ দুই খেলুৱৈ তথা জুৰীয়া অঞ্চলৰ প্ৰতিভাৱান যুৱক আজমল কবিৰ আৰু আমিৰ হুছেইনক আজি পুৱাই সম্বৰ্ধনা জনাই ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই । নেপালৰ পৰা কালি নিশা নগাঁৱত পদাৰ্পন কৰা জুৰীয়াৰ আলিটাঙনী গাঁৱৰ আজমল কবিৰ আৰু উদমাৰী গাঁৱৰ আমিৰ হুছেইনক আজি পুৱাতে নগাঁৱতে বিধায়ক গৰাকীয়ে গামোচা , জাপি আৰু ফোলৰ থোপাৰে সম্বৰ্ধনা জনায় । বিধায়ক গৰাকীয়ে পিছত সংবাদ মাধ্যমৰ আগত কয় যে , জুৰীয়া অঞ্চলৰ এই যুৱক খেলৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ বাবে তেওঁ সকলো প্ৰকাৰ সহায় কৰিবলৈ প্ৰস্তুত । তেওঁ খেলুৱৈ দুগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামণা কৰি তেওঁলোকে খেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্বৰ বুকুত উজলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য , স্বৰ্ণ কণ্যা হীমা দাসৰ জন্মস্থান ধিঙৰ কাষৰীয়া অঞ্চল জুৰীয়াৰ পৰা পুনৰ আন দুজন খেলুৱৈয়ে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ সুনাম কঢ়িয়াই অনাত পৰিয়ালটোৰ লগতে অঞ্চলবাসীক উৎফুল্লিত পৰা পৰিলক্ষিত হৈছে । খেলুৱৈ দুজন আজি গৃহ অঞ্চল জুৰীয়াত উপস্থিত হোৱাৰ পিছত উঞ্চ আদৰণি জনোৱা পৰিলক্ষিত হয় ।