ডবকাত ১২ টা গৰু সহ এখন গাড়ি আটক কৰিলে গো- সুৰক্ষা বাহিনীয়ে

85

ডবকাত ১২ টা গৰু সহ এখন গাড়ি আটক কৰিলে গো- সুৰক্ষা বাহিনীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , যমুনামুখ ,২০ চেপ্টেম্বৰঃ হোজাই জিলাৰ ডবকা মিকিৰ আটি টোল গেটত সোমবাৰে দুপৰীয়া ২টা মান বজাত ভাৰতীয় গো-সুৰক্ষা বাহিনীৰ হোজাই জিলা সমিতিয়ে এক অভিযান চলাই HR-45C-2176 নম্বৰৰ গৰু ভৰ্তি এখন গাড়ি জব্দ কৰিবলৈ সক্ষম হয় । গাড়িৰ চালক জনে জানিবলৈ দিয়া মতে , গৰু কেইটা পাঞ্জাবৰ হাৰিয়ানাৰ পৰা অসমৰ শিলচৰলৈ লৈ যোৱা অৱস্থাত হোজাই জিলাৰ ডবকাত গো-সুৰক্ষা বাহিনীৰ সদস্য সকলে আটক কৰে । গো-সুৰক্ষা বাহিনীৰ সদস্য সকলে জানিবলৈ দিয়া মতে , গৰু কেইটাৰ কাগজ পাতিবোৰ যদিও ঠিক আছে , কিন্ত এখন ছয় চকীয়া বাহনে ২ টা বা ৩ টা গৰু কঢ়িয়াব পাৰে , তাৰ পৰিবৰ্তে গাড়ি খনে কেনেকৈ গাড়ি খনত ১২ টা গৰু কঢ়িয়াই হাৰিয়ানাৰ পৰা আঢ়ৈ হাজাৰ কিঃ মিঃ পথ অতিক্ৰম কৰি অসম পালে । লগতে গাড়ি খনৰ ভিতৰ খন লেতেৰা হৈ দূৰ্গন্ধময় হৈ পৰিছে ভোকে পিয়াহে গৰু কেইটা লেবাজান হৈ পৰিছে ।