ডবকাৰ কেইবাখন বিদ্যালয়ৰ ফলাফল ১০০ শতাংশ, উদমাৰী, সদৰগাঁও,ৰৌৱাৰপাৰত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

448

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান , ০৫ আগষ্টঃ বহু জল্পনা-কল্পনাৰ অন্তত ঘোষিত হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক মনোবল বৃদ্ধি কৰিবলৈ ডবকাৰ বহু কেইখন বিদ্যালয় কতৃপক্ষই সম্বৰ্ধনা অনুষ্টানৰ আয়োজন কৰে ৷  সেই অনুপাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডবকাৰ নৱ-গঠিত উদমাৰী হাইস্কুল , সদৰ গাঁও জাতীয় একাডেমী আৰু ৰৌৱাৰপাৰ জ্ঞানদ্বীপ একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলক সাম্প্ৰতিক সময় কভিড ১৯ ৰ নিয়ম-নীতি মানি সম্বৰ্ধনা জনোৱা হয় ৷ উদমাৰী হাইস্কুলৰ পৰা এইবাৰ মুঠ ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংশ গ্ৰহণ কৰিছিল ৷ তাৰে এগৰাকী দুখীয়া শ্ৰমিক মতিউৰ ৰহমানৰ কন্যা মাৰুফা বেগমে আৰবী বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলবাসীৰ মুখত হাঁহি বিৰিঙাইছে ৷ বাকী ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় আৰু এগৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ উদমাৰী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে এনেধৰণৰ সফলতা অৰ্জন কৰাৰ বাবে বিদ্যালয়ৰ সভাপতি হাচন আহমেদৰ লগত প্ৰধান শিক্ষক মইনুল হক লস্কৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷ ইফালে , সদৰ গাঁও জাতীয় একাডেমীৰ পৰা মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ তাৰে দুগৰাকী ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাইছে ৷ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১ ম স্থান পাইছে , ৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২য় স্থান লাভ কৰিছে আৰু ১ গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ লগতে ৰৌৱাৰপাৰ জ্ঞানদ্বীপ একাডেমীৰ পৰা মুঠ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ২০২০-২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংশ গ্ৰহণ কৰিছিল ৷ তাৰে দুগৰাকী পৰীক্ষাৰ্থীয়ে ষ্টাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ চাৰি গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু ২৫ গৰাকী শিক্ষাৰ্থীয়ে ছাত্ৰ-ছাত্ৰীয়ে ২য় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয় খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷