ডিগবৈত ৪১ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দ্বাৰা পানী যোগান আচঁনি আধাৰশিলা স্থাপন

98

ডিগবৈত ৪১ কোটি টকা ব্যয় সাপেক্ষে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ দ্বাৰা পানী যোগান আচঁনি আধাৰশিলা স্থাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ৩ অক্টোবৰঃ তৈলনগৰী ডিগবৈৰ কালিবাৰী হাউচিং এলেকাত নগৰ উন্নয়ন বিভাগ পানী যোগান আৰু নৰ্দমা বৰ্ডৰ অধীনত ৪১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া বিশুদ্ধ খোৱা পানী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ তৈলনগৰী ডিগবৈ চহৰৰ লগতে পাৰ্শ্ব্ৱ্তী অঞ্চলসমুহ সামৰি প্ৰায় ৪৭ কিঃমিঃ পাইপৰ জৰিয়তে ২৬ হাজাৰ জনসাধাৰণে উপকৃত হব পৰাকৈ অনুষ্ঠানিকতাৰে পানী যোগান আচঁনিৰ আধাৰশিলা কৰে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে ডিগবৈ চহৰৰ বহুদিনীয়া বিশুদ্ধ খোৱা পানী সমস্যা সমাধানৰ পথ প্ৰসস্ত হোৱাৰ দিশে আগৱাঢ়িছে ৷ উক্ত আচঁনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক সকিয়নীমূলক মন্তব্য আগৱঢ়ায় ৷ বিধায়ক শ্বেৰমান আলীক অসম আন্দোলনৰ বিষয়ে অধ্যায়ন কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ বিনিময়ত নুমলীগড় তেল শোধানাগাৰ , বগীবিল দলং , আ আই টি স্থাপন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য আগৱঢ়ায় ৷ লগতে যদিহে শ্বেৰমান আলীয়ে নিজকে অসমীয়া বুলি ভাবে,তেনেহ’লে অসমৰ বুৰঞ্জী অধ্যায়ন কৰক বুলি তাচ্ছিল্য সুচক মন্তব্য কৰে ৷ লগতে নিজকে অসমৰ জনপ্ৰতিনিধি হিচাপে যদিহে ভাৱে , তেনেহ’লে শ্বহীদৰ প্ৰতি তৰল মন্তব্য নকৰিবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ উক্ত আধাৰশিলা ৰূপায়ণ কাৰ্যসূচীত ডিগবৈ বিধায়ক সুৰেন ফুকনসহ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আটাইকেইখন গাওঁ পঞ্চায়তৰ প্ৰতিনিধিবৰ্গৰ লগতে কেইবা সহস্ৰাধিক জনগণৰ উপস্থিতিত আধাৰশিলা কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হয় ৷