ডিগবৈ ঢাকা লাইনত বৃহৎ আকাৰৰ অজগৰ সাপ উদ্ধাৰ

66

ডিগবৈ ঢাকা লাইনত বৃহৎ আকাৰৰ অজগৰ সাপ উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা ,দ্বীপেন শইকীয়া , ডিগবৈ , ২৯ আগষ্টঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত ঢাকা লাইনত আজি এটা ১৪ ফুট দৈৰ্ঘ্যৰ প্ৰায় ৪০ কিঃমিঃ ওজনৰ বৃহৎ আকাৰৰ অজগ সাপ এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা অনুসৰি , ঢাকা লাইন অইল আবাসিক এলেকাত স্হানীয় লোকে প্ৰত্যক্ষ কৰাত হুৱাদুৱাৰ সৃষ্টি কৰে ৷ সেই সময়তে স্হানীয় কেইজনমান যুৱকে ডিগবৈ বন বিভাগক খবৰ প্ৰদান কৰাত প্ৰকৃতিপ্ৰেমী সন্হা উৱাল্ড কেয়াৰ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ যুৱক ফাৰুক আলিৰ সহযোগত বৃহৎ আকাৰৰ অজগৰ টো উদ্ধাৰ কৰি পুনৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলত পুনৰ মুকলি কৰি দিয়ে ৷