ডিগবৈ প্ৰেছ ক্লাৱৰ মহানুভৱতা  , প্ৰায় চাৰি মাহে অঘৰী লোকক খাদ্য যোগান ধৰি এক বিৰল সংগঠনৰ আদৰ্শ দেখুৱালে ডিগবৈ প্ৰেছ ক্লাবে

150
ডিগবৈ প্ৰেছ ক্লাৱৰ মহানুভৱতা  , প্ৰায় চাৰি মাহে অঘৰী লোকক খাদ্য যোগান ধৰি এক বিৰল সংগঠনৰ আদৰ্শ দেখুৱালে ডিগবৈ প্ৰেছ ক্লাবে
দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ২৪ আগষ্ট : দেশত  কভিড পৰিস্থিতিয়ে সাধাৰণ জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তেই ঐতিহাসিক ডিগবৈ প্ৰেছ ক্লাবে ডিগবৈ নগৰৰ  অঘৰী লোক সকলক নিশাৰ ভাগৰ খাদ্য যোগান ধৰি যি মহানুভৱতা দেখুৱালে , ই তিনিচুকীয়া জিলা খনৰ বাবে ডিগবৈ প্ৰেছ ক্লাব বিৰল সংগঠন ৰূপে চিহ্নিত হৈছে । এক দীঘলীয়া সময় আন্তৰিকতাৰে এই অসহায় লোক সকলক নিজেই তৈয়াৰ কৰি  পুষ্টিকৰ সু খাদ্য যোগান দি  অহাটো ইমান সহজ নহয় । ডিগবৈ প্ৰেছ ক্লাবৰ এনে পদক্ষেপক সকলো সংগঠনে আদৰ্শ ৰূপে গ্ৰহণ কৰা উচিত বুলি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে আজি ডিগবৈ প্ৰেছ ক্লাবত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ব্যক্ত কৰে ।  উল্লেখযোগ্য যে , ডিগবৈ প্ৰেছ ক্লাবে চৰকাৰে মিনি  লকডাউন ঘোষণা কৰা দিন ধৰি ক’ভিড যুদ্ধ খনৰ লগত সেনানী ৰূপে ১৯৯০ চনতে প্ৰতিষ্ঠা লাভ কৰা ডিগবৈ প্ৰেছ ক্লাবে  যোৱা ১১১ টা দিনে ডিগবৈ নগৰাঞ্চলৰ অঘৰী লোক সকলক নিশা ভাগৰ খাদ্য যোগানৰ কাৰ্যসূচীত প্ৰৱল অংশীদাৰ হোৱা ১৪ গৰাকী শুভাকাংশী যুৱকক আজি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰেছ ক্লাবৰ সম্পাদক মনোৰঞ্জন দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি অনুজ কলিতা,সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ , সহকাৰী সম্পাদক ৰমণী বুঢ়াগোহাঁই , কাৰ্যনিৰ্বাহ সদস্য তপন দে , এ অ চি লেবাৰ ইউনিয়নৰ সভাপতি মূখেশ্বৰ দাস , যূটীয়া সম্পাদক সুৰজ গোঁহাই , ডিগবৈ ৰটাৰী ক্লাবৰ সভাপতি পূৰ্ণ বৰা , ৰটাৰিয়ান ৰাজীৱ ভূঞা , ডিগবৈ সাহিত্য সেৱা সমিতি সভাপতি দীপেন বৰা , ডুমডুমা প্ৰেছ ক্লাবৰ সম্পাদক মনোজ বৰুৱা , দেবেন ডেকা , ডিগবৈ আছুৰ সভাপতি ভবেন খেৰুৱা আদি উপস্থিত থাকি ডিগবৈ প্ৰেছ ক্লাবৰ লগতে ১৪ গৰাকী শুভাকাংশী যুৱকৰ এনে মহানুভৱাতক সকলোৱে একেমূখে ভূয়সী প্ৰশংসা কৰে । ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰাজু হাজৰিকা , সাংবাদিক হীৰা ফুকন , আৰমান আলী , নজৰুল ইছলাম , খগেশ্বৰ বৰুৱা , দিপাংকৰ শৰ্মা , দিপেন শইকীয়া , বিনোদ বাগ্ৰা আদিৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত সম্বৰ্ধিত ১৪ গৰাকী যুৱকে সম্বৰ্ধনা গ্ৰহণ কৰি নিজকে প্ৰেছ ক্লাৱৰ প্ৰতি চিৰকৃতজ্ঞ হয়।