ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল

104

ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সংবাদমেল

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৯ আগষ্ট : ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে সংবাদমেল সম্বোধন কৰে লুৰীনজ্যোতি গগৈয়ে । নিৰ্বাচনত পৰাজয় হোৱা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ কথা অৱগত কৰে লুৰীনজ্যোতি গগৈয়ে । ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়খনি বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত চৰকাৰে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেই দৰে দেখা নাই বুলিও উল্লেখ কৰে। হেৰিটেজ চিকিৎসানুষ্ঠান যদিও অসম চিকিৎসা মহাবিদ্যালয়খন উন্নয়ণৰ ক্ষেত্ৰত অসম চৰকাৰৰ দায়বদ্ধতা দেখা নাই । এনকেফেলাইটিজ ইউনিট টো পূৰ্ণাংগ ৰূপত গঢ়ি তুলিবলৈ দাবী কৰে চৰকাৰক । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, বুঢ়ীদিহিংৰ গৰাখহনীয়াৰ স্হায়ী সমাধান কৰাৰ দাবী লুৰীনজ্যোতি গগৈয়ে । চহৰখনৰ পৰা প্ৰায় ১২ কি:মি: নিলগত জকাই সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল খনত থকা উদ্ভিদ উদ্যান সমুহ ধ্বংসৰ গৰাহৰ দিশে গতি কৰিছে । বনাঞ্চলখন পুনৰ জীয়াই তোলাৰ দাবী কৰে । চৰকাৰে স্থাপন কৰা ধান বিক্ৰী কেন্দ্ৰৰ জৰিয়তে গ্ৰাম্য শ্ৰেণীৰ লোকে কোনো লাভালাভ হবলৈ সক্ষম হোৱা নাই । এই ক্ষেত্ৰত সকলো কৃষকে প্ৰতি কুইন্টল ধানৰ মূল্য ১৮৮৬ টকা পোৱাৰ ব্যৱস্থা কৰাৰ দাবী কৰে। পঞ্চায়তে পঞ্চায়তে ধান বিক্ৰি কেন্দ্ৰ খোলাৰ দাবী লুৰীনজ্যোতি গগৈৰ । নাহৰকটীয়া,মৰাণ মহকুমা ঘোষণা কৰিলে আজি পৰ্যন্ত কোনো আন্তঃগাথঁনি নাই । বুঢ়ী দিহিং চেচুঘাটৰ দলং নিৰ্মানত কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে । আগন্তুক উপ – নিৰ্বাচন সন্দৰ্ভত লুৰীনজ্যোতি গগৈয়ে কয়, কোনো দলৰ সৈতেমিত্ৰতা নকৰে যদিও বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিজেপিৰ বিৰুদ্ধে এটা সমষ্টিত এজনেই প্ৰাৰ্থী দিয়াটো বিচাৰে । ইফালে, সংবাদমেলত ধেমাজীৰ মৰিধলৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে লুৰীনজ্যোতি গগৈয়ে । নন্দিতা শইকীয়াৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰক আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাই লুৰীনজ্যোতি গগৈয়ে ।