ডিব্ৰুগড়ৰ আদালতত হাজিৰ বিধায়ক অখিল গগৈ

104

ডিব্ৰুগড়ৰ আদালতত হাজিৰ বিধায়ক অখিল গগৈ

দুৰ্নীতিৰ দৰ্পণ সেৱা , ১০ আগষ্ট : ডিব্ৰুগড়ত মঙ্গলবাৰে উপস্থিত হ’ল বিধায়ক অখিল গগৈ । ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল বিধায়কগৰাকী । চাবুৱা থানাত ৰুজু হৈ থকা ২৯২/২০১৯ নম্বৰ গোচৰ সংক্ৰান্তত হাজিৰ হয় আদালতত । বিগত সময়ত CAA বিৰোধী আন্দোলনত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলোৱা আৰু ৰাজহুৱা সম্পত্তি ধ্বংসৰ অভিযোগত গোচৰ তৰিছিল বিধায়ক গৰাকীৰ বিৰুদ্ধে । মঙ্গলবাৰে আদালতত হাজিৰ হোৱাৰ প্ৰাকমুহুৰ্তত কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক গগৈয়ে । এ আই ইউ ডি এফ থাকিলে কংগ্ৰেছৰে মিত্ৰতা নকৰে ৰাইজৰ দলে । এ আই ইউ ডি এফক কংগ্ৰেছে এৰিব নোৱাৰিলে ৰাইজৰ দলে উপ-নিৰ্বাচনত অকলে কৰিব প্ৰতিদ্বন্দিতা । সাম্প্ৰদায়িক বিজেপি আৰু এ আই ইউ ডি এফৰ সৈতে কোনো কালেই মিত্ৰতা নকৰাৰ কথা স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । ইফালে , বিধায়ক গৰাকীক উষ্ম আদৰণি জনালে ৰাইজৰ দলে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ সমীপত বিধায়কগৰাকীক আদৰণি জনোৱা হয় । ডিব্ৰুগড়ত আদালতৰ সন্মুখত বিধায়ক গৰাকীক সম্ভাষণ জনাবলৈ বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হ’ল ।