ড্ৰাগছ সেৱনৰ মুক্ত হৈ খেলপথাৰত ৪২ জনকৈ যুৱক , অৰুণাচল জয়ৰামপুৰ আৰ কে মচাং মেমৰীয়েল চচাইটি আৰু জিলা উপায়ুক্ত যৌথ প্ৰচেষ্টাত ড্ৰাগছ মুক্তৰ অভিলেখ

139

ড্ৰাগছ সেৱনৰ মুক্ত হৈ খেলপথাৰত ৪২ জনকৈ যুৱক , অৰুণাচল জয়ৰামপুৰ আৰ কে মচাং মেমৰীয়েল চচাইটি আৰু জিলা উপায়ুক্ত যৌথ প্ৰচেষ্টাত ড্ৰাগছ মুক্তৰ অভিলেখ

দুৰ্নীতিৰ দৰ্পণ সেৱা , মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱা , ২ অক্টোবৰঃ অৰুণাচল প্ৰদেশৰ অন্যতম সৰ্ববৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ কে মচাং মেমৰীয়েল চচাইটি অনুষ্ঠানটোৱে ১৯৯৩ চনৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত শিক্ষা,স্বাস্থ্য আৰু অৰ্থনৈতিক ওপৰত ধাৰাবাহিক ভাৱে অৱদান আগবঢ়াই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনেস্থলত অৰুণাচল প্ৰদেশৰ বিভিন্ন গাঁৱৰ উঠি অহা নৱপ্ৰজন্মই ৰাগীয়াল সামগ্ৰী,ড্ৰাগছ,কানি, সুৰা ইত্যাদি সেৱনত আসক্ত হৈ বিপথে পৰিচালিত হোৱা প্ৰত্যক্ষ কৰি আহিছিল বেচৰকাৰী অনুষ্ঠানটোৱে । এই সকল নৱপ্ৰজন্মক ড্ৰাগছৰ আসক্ত প্ৰতি মুক্ত কৰিবলৈ প্ৰায় এক মাহৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ বৰডুমচাত ড্ৰাগছ মুক্ত কেন্দ্ৰৰ এটা প্ৰতিষ্ঠা কৰিছিল । আৰ কে মচাং মেমৰীয়েল চচাইটিয়ে অৰুণাচল প্ৰদেশৰ চৰকাৰক ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা যুৱক সকলকৰ হৈ ড্ৰাগছ মুক্ত বাবে আলোচনা কৰাত অৰুণাচল চৰকাৰে ১০ গৰাকী যুৱকৰ বাবে ড্ৰাগছ মুক্ত কেন্দ্ৰ মুকলি কৰিবলৈ পুঁজি আৱন্তন দিয়ে । কিন্তু চাংলাং জিলাৰ অতি দুৰ্গম গাঁৱৰ লঙ্কা আৰু লুংভি এই দুখন গাঁৱতে কেৱল প্ৰায় ৪০ জনৰো অধিক যুৱক ড্ৰাগছ আসক্ত হৈ গাঁৱৰ পৰিবেশ বিনষ্ট হোৱাত আৰ কে মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰ মেন কমেলি মচাং আৰু সন্থাটোৰ সঞ্চালক অৰূপ কুমাৰ চৌধুৰীয়ে চাংলাং জিলা উপযুক্ত দেৱান্স যাদৱৰ লগত আলোচনাত মিলিত হৈ দ্ৰুতগতিত ড্ৰাগছৰ প্ৰতি আসক্ত হোৱা যুৱক সকলক ড্ৰাগছ নিৰাময়ৰ বাবে সকলোকে উক্ত ড্ৰাগছ মুক্ত কেন্দ্ৰত চিকিৎসাৰ বাবে অনুমতি বিচাৰে । এই ক্ষেত্ৰত চাংলাং জিলা উপায়ুক্ত মহোদয়ে ১০ জনৰ আৱন্তনৰ বিপৰীতে প্ৰায় ৪২ জন ড্ৰাগছ আসক্ত যুৱকক উক্ত ড্ৰাগছ মুক্ত কেন্দ্ৰত চিকিৎসাৰ বাবে যাৱতীয় প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰাত এমাহ ভিতৰত চাংলাং জিলাৰ লঙ্কা আৰু লুংভি গাঁৱৰ ড্ৰাগছ আসক্ত যুৱক সকল পুনৰ ড্ৰাগছ মুক্ত হোৱাত শুক্ৰবাৰে জয়ৰামপুৰ স্থিত চেটং সেনা ষ্টুডিয়ামত দুয়োখন গাৱঁৰ যুৱক সকলে ড্ৰাগছ মুক্ত কেন্দ্ৰৰ পৰা আহি পদৰ্শনীমূলক ভাবে এদিনীয়া ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এনেদৰে দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত হৈ বিপথে পৰিচালিত হোৱা যুৱক সকল এমাহৰ ভিতৰতে ড্ৰাগছৰ পৰা মুক্ত হৈ খেলৰ জগতত ভৰি দিয়াটো সঁচাকৈ লক্ষণীয় হৈ পৰিছে । এই ক্ষেত্ৰত আৰ কে মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰমেন কমেলি মচাং,সঞ্চালক অৰূপ কুমাৰ চৌধুৰী আৰু চাংলাং জিলাৰ উপায়ুক্ত দেৱান্স যাদৱৰ অশেষ প্ৰচেষ্টাত এই সকল উঠি অহা প্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হৈ মৃত্যু মুখলৈ যাবলগীয়া যুৱক সকলে মাদক দ্ৰব্য ত্যাগ কৰি খেলৰ জগতত ভৰি দিয়াত সকলোৱে আত্মসন্তুষ্টি লাভ কৰা দেখা গৈছে । জিলা উপায়ুক্ত মহোদয়ৰ ভাষ্য অনুসৰি চাংলাং জিলাৰ প্ৰায় সংখ্যক গাঁৱত এনেদৰে দীৰ্ঘদিন ধৰি ড্ৰাগছ আসক্ত হোৱা যুৱক তথা ব্যক্তি সকলক গাঁৱৰ ৰাইজৰ আৰু আৰ কে মচাং মেমৰীয়েল চচাইটি সহযোগত ড্ৰাগছ মুক্ত কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা হব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ।