তামাৰহাটত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ মনোজ কুমাৰ ৰায়ক বিপুল সম্বৰ্ধনা , অতি পিছ পৰা বৃহত্তৰ তামাৰহাট অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি যামঃ মনোজ কুমাৰ ৰায়

406

তামাৰহাটত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ মনোজ কুমাৰ ৰায়ক বিপুল সম্বৰ্ধনা , অতি পিছ পৰা বৃহত্তৰ তামাৰহাট অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি যামঃ মনোজ কুমাৰ ৰায়

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰুহুল আমিন সেখ, তামাৰহাট, ২৯ ছেপ্টেম্বৰ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ হিচাপে শপত গ্ৰহণ কৰা মনোজ কুমাৰ ৰায়ক কালি সন্ধিয়া ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাটত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ধুবুৰী জিলাৰ তামাৰহাটস্থিত আক্ৰাছুৰ কাৰ্য্যালয়ত কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আক্ৰাছু,কোচ ৰাজবংশী মহিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে নব নিযুক্ত পাৰিষদ গৰাকীক ফুলাম আৰু ৰাজবংশী জাতীয় গামছাৰে সব্বৰ্ধনা জ্ঞাপন কৰে । ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অতি পিছ পৰা অঞ্চল উজানপেটলা গাঁওৰ বাসিন্দা মৃত মাধব ৰায়ৰ পুত্ৰ তথা সুদীৰ্ঘ দিন ধৰি আক্ৰাছুৰ আন্দোলনত জড়িত থকা আক্ৰাছুৰ সহকাৰী সাধাৰণ সম্পাদক মনোজ কুমাৰ ৰায় কে এ চিৰ অন্তৰ্বৰ্তীকালিন পৰিষদৰ পাৰিষদ হিচাপে অন্তৰ্ভূক্ত হোৱাত বৃহত্তৰ তামাৰহাট অঞ্চলৰ ৰাইজৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে । সম্বৰ্ধনা অনুষ্ঠানত সমবেত হোৱা ৰাইজে ফটকা ফুটাই,ব্যাণ্ডপাৰ্টী বজাই আনন্দ-উল্লাস কৰে । উক্ত সম্বৰ্ধনা অনুষ্ঠানত পাৰিষদ মনোজ কুমাৰ ৰায়ে কয় যে , সৰ্ব দিশতে পিছ পৰি থকা বৃহত্তৰ তামাৰহাট অঞ্চলৰ উন্নয়নৰ বাবে কাম কৰাই হব মোৰ প্ৰথম কৰ্তব্য । পাৰিষদ গৰাকীয়ে আকৌ কয় যে , আক্ৰাছুৰ আন্দোলনৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰে কোচ-ৰাজবংশী জনগোষ্ঠীটোৰ সাৰ্বিক উন্নয়নৰ উদ্যেশে গঠন কৰি দিয়া কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ খনে কোচ-ৰাজবংশী সকলৰ কিছু পৰিমাণে হলেও উন্নয়ন সাধন কৰিব পাৰিব যদিও কোচ-ৰাজবংশী জনগোষ্ঠীৰ সৰ্বাংগিন উন্নয়নৰ বাবে আক্ৰাছুৰ মুখ্য দাবী কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু জনজাতি কৰণ নোহোৱা পৰ্যন্ত আক্ৰাছুৰ আন্দোলন অব্যাহত থাকিব ।