তামাৰহাট দূৰ্গা মন্দিৰত মা দুৰ্গাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

99

তামাৰহাট দূৰ্গা মন্দিৰত মা দুৰ্গাৰ আশীষ ল’লে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰুহুল আমিন সেখ , তামাৰহাট , ১৩ অক্টোবৰ : ধুবুৰীৰ বিভিন্ন দূৰ্গা মন্দিৰৰ লগতে তামাৰহাটৰ ঐতিহ্যবাহী ১০৩ বছৰি পূৰনি দুৰ্গা মন্দিৰত মুখ্যমন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মাই মা দূৰ্গাৰ আশীষ লয় । স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে তামাৰহাটত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী গৰাকী । তামাৰহাটত মুখ্যমন্ত্ৰীৰ আগমনৰ বাৰ্তাই সমগ্ৰ তামাৰহাট অঞ্চলৰ লগতে তামাৰহাট দূৰ্গা পূজা স্থলীত এক উৎসৱ মুখ্য পৰিবেশৰ সৃষ্টি হয় । তামাৰহাট দূৰ্গা পূজা কমিটিয়ে পূজা মণ্ডব খনত এইবেলি বনোৱা স্বৰ্গ পুৰীৰ মনোমোহা দৃশ্যই সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । চাৰিওফালে উখল-মাখল পৰিবেশ আৰু কটকটিয়া নিৰাপত্তাৰ মাজত আজি আবেলি তামাৰহাটৰ দুৰ্গা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে মন্দিৰৰ ভিতৰত গৈ মা দুৰ্গাৰ আশীষ লয় । দেবীৰ আশীষ লোৱাৰ পাছতে ৰাইজৰ আগত উপস্থিত হৈ শাৰদীয় সকলোকে দুৰ্গা পুজাৰ শুভেচ্ছা জনায় । গৌৰীপুৰ বিলাসীপাৰা এই গোটেই অঞ্চলটো দূৰ্গা পূজাৰ সময়ত ৰাইজক লগ পাব আহিছিলো , তামাৰহাটতো আহি এই সাৰ্বজনীন দূৰ্গা পূজা উৎসৱত অংশ লৈ ৰাইজৰ লগত কথা বাৰ্তা পাতি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ , আৰু মাৰ শ্ৰী চৰণতো প্ৰনাম কৰিছোঁ , যাতে সকলো ৰাইজৰ শান্তি সুৰক্ষা আৰু বিকাশ সম্ভৱ হয় এই বূলি মন্তব্য কৰে । ইফালে , মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাবলৈ পূৱাৰে পৰা তামাৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা পূৰুষ মহিলা দৰ্শনাৰ্থীয়ে আহি তামাৰহাট পুজা মণ্ডব স্থলীত সমাগম কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে , ভাৰত স্বাধীন হোৱাৰ পিছত অসমৰ কোনো এজন মুখ্য মন্ত্ৰীয়ে ধুবুৰী জিলাৰ অতিকৈ পিছ পৰা বৃহত্তৰ অঞ্চল তামাৰহাটত পদাৰ্পন কৰা নাছিল । সেয়ে অঞ্চল খনৰ ৰাইজ মুখ্যমন্ত্ৰী গৰাকীক লগ পাই আদৰিবলৈ পাই আনন্দিত হৈ পৰা দেখিবলৈ পোৱা যায় । মুখ্যমন্ত্ৰীৰ লগত থাকে গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জীত দাস,প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ । উল্লেখ্য যে , তামাৰহাট অঞ্চলৰ সমস্যাৰ লগতে মন্দিৰৰ যি সমস্যা সকলোবোৰ সমস্যা সমাধান কৰিব বুলি মুখ্য মন্ত্ৰীয়ে সাংবাদিকৰ আগত কয় ।