তামুলপুৰত ভাৰতীয় সেনাৰ বিজয় দিৱস পালন

71

তামুলপুৰত ভাৰতীয় সেনাৰ বিজয় দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৩১ আগষ্টঃ ভাৰতীয় সেনাই প্ৰতিবছৰে ১৬ ডিচেম্বৰৰ পৱিত্ৰ দিনটো ১৯৭১ চনৰ পৰাই বিজয় দিৱস হিচাপে পালন কৰি আহিছে ৷ কিয়নো , ১৯৭১ চনত পাকিস্তান আৰু ভাৰতীয় সেনাৰ মাজত যুদ্ধ হৈছিল ৷ এই যুদ্ধৰ শেষত পাকিস্তানী সেনাবাহিনীয়ে ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰে ৷ পৰবৰ্তী সময়ত পূৱ পাকিস্তান বাংলাদেশ হিচাপে চিহ্নিত হয় ৷ ১৯৭১ চনৰ পৰা ২০২১ চনলৈকে এই ঐতিহাসিক পঞ্চাশ বছৰীয়া ইতিহাস সুৱৰিবলৈ ভাৰতীয় সেনাবাহিনীয়ে ২০২০-২০২১ চনটো সোনালীবৰ্ষ হিচাবে পালন কৰি এক বিজয় দিৱস পালন কৰিছে ৷ তদুপলক্ষে আজি তামুলপুৰস্থিত ১০৭ মাউন্টেইন ব্ৰিগেডৰ উদ্যোগত ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেণ্টৰ বৰখোপাস্থ শিবিৰত সেনাৰ বিজয় উৎসৱ পালন কৰা হয় ৷ উত্তৰ পূৱৰ ১৫৬ কিঃমিটাৰ যোৰা বাট পৰিভ্ৰমণ কৰি আজি আগিয়াৰ পৰা বিজয় দিৱসৰ শিখা আহি তামুলপুৰত উপস্থিত হয় ৷ ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ বীৰত্ব আৰু পৰাক্ৰমক শ্ৰদ্ধা জনাই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা জ্যোতি শিখা জ্বলাই ভাৰতৰ বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰি আজি উত্তৰ পূৱৰ ১৫৬ কিঃমিটিৰ যোৰা বাট পৰিভ্ৰমণ কৰি আজি আগিয়াৰ পৰা বিজয় দিৱসৰ জ্যোতি শিখা আহি তামুলপুৰত উপস্থিত হয় ৷ জ্যোতি শিখা আহি পোৱাৰ লগে লগে ভাৰতীয় সেনাৰ জোৱান বিষয়া সকল,উপস্থিত প্ৰাক্তন সেনা জোৱান,শ্বহীদ পত্নী সকল আৰু কণ কণ ছাত্ৰ-ছাত্ৰী সকলে ভাৰত মাতাৰ জয়ধ্বনিৰে সুন্দৰ কৈ বিজয় দিৱসৰ প্ৰজ্জ্বলিত জ্যোতি শিখাক আদৰণী জনায় ৷ আজি এই বিজয় উৎসৱ উপলক্ষে বৰপেটা,বাক্সা,নলবাৰী আৰু ৰঙিয়াৰ সেনাৰ পৰিয়ালৰ লোকসকল আহি উপস্থিত হয় ৷ আজি বিজয় উৎসৱ উপলক্ষে বিগত যুদ্ধ সমূহত অংশ লৈ শত্ৰুৰ হাতত মৃত্যুবৰণ কৰা বীৰ শ্বহীদ সকলক স্মৰণ কৰা হয় ৷ লগতে শ্বহীদ পত্নী আৰু পৰিয়ালৰ আত্মীয় স্বজনক ফুলাম গামোচা,স্মাৰক আৰু উপহাৰ দি সন্মান জনায় । তাৰোপৰি যুদ্ধত আহত প্ৰাক্তন সৈনিক সকলকো সম্বৰ্দ্ধিত কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি কৰ্ণেল এম ৰবি শংকৰে শিখা আদৰণি জনায় আৰু জোৱান সকলে গাৰ্ড অৱ অনাৰ জনায় ৷ ভাৰতীয় সেনাবাহিনীৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচীত আজি বাক্সা জিলাৰ তামুলপুৰস্থ বিহাৰ ৰেজিমেণ্টৰ বৰখোপাস্থ শিৱিৰত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আকৌ প্ৰজ্বলিত জ্যোতি শিখা লগত লৈ পুনৰ যাত্ৰা আৰম্ভ কৰে ।