তামুলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা

55

তামুলপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১৭ অক্টোবৰঃ উপ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে , সিমানেই আকৰ্ষণীয় হৈ পৰিছে তামুলপুৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত । আজি এজিপি,বিজেপি সমৰ্থিত ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী জলেন দৈমাৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে , তামুলপুৰত এতিয়া আমাৰ কোনো প্ৰতিদ্বন্দি নাই বিপুল ভোটত জযী হয় সমষ্টিৰ উন্নয়নৰ কাম কৰিব জলেন দৈমাৰীয়ে । তামুলপুৰত অতি কম সময়ৰ ভিতৰত বহু উন্নয়ন হৈছে আৰু হব। পাগলদিয়া নদীৰ দলং ,মেডিকেল কলেজ আৰু জিলা একে লগে পাইছে তামুলপুৰে । তিনি চাৰি মাহৰ ভিতৰতে ৬০০ কৌতি খৰচ কৰি মেডিকেল কলেজ আৰম্ভ কৰা হব । আজি তামুলপুৰে যি পাইছে কেৱল মাত্ৰ এটা ভোটৰ দ্বাৰা পাইছে । ইয়াত কোনো আন্দোলন কৰা নাই কোনও গুলি খাব লগা হোৱা নাই । তামুলপুৰত সকলো লোকৰ মাটিৰ কাগজ ঠিক কৰি দিবলৈ প্ৰমোদ বড়োক আহ্বান জনায় । আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো , ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা , ইউজি ব্ৰহ্মকে আদি কৰি আন বহুতো নেতা কৰ্মীয়ে । অৱশ্যে নিৰ্বাচনী বিধিৰ বাবে সাধাৰণ ৰাইজৰ মাজত বহিল প্ৰাৰ্থী জলেন দৈমাৰী । উল্লেখ্য যে , ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ উপৰিও আন আঠ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ পৰা কিন্ত শনিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ কৰে নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী , দেবেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে । যাৰ ফলত সমষ্টিটোত ইউপিপিএল দলৰ প্ৰাৰ্থী জলেন দৈমাৰী জয় নিশ্চিত বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ উপৰিও সভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে তামুলপুৰত হব লগা মেডিকেল কলেজৰ স্থান পৰিদৰ্শন কৰি পাগলাদিয়া নদীত হব লগা দলঙৰ ঠাই পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।