তামুলপুৰ জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আৰু বিশেষ সাংগঠনিক সভা , তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী সাহিত্য সভাৰ নতুন সমিতি গঠন

96

তামুলপুৰ জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আৰু বিশেষ সাংগঠনিক সভা , তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী সাহিত্য সভাৰ নতুন সমিতি গঠন

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক , তামুলপুৰ ,২৫ ছেপ্টেম্বৰঃ শৰণীয়া কছাৰী সাহিত্য সভাৰ অন্তৰ্গত তামুলপুৰ জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ এখন কাৰ্যনিৰ্বাহক আৰু বিশেষ সাংগঠনিক সভা আজি তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় । তামুলপুৰ জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি অৰবিন্দ ডেকাৰ সভাপতিত্বত আৰু সম্পাদক চক্ৰেশ্বৰ ডেকাই আঁঁতধৰা কাৰ্যনিৰ্বাহক আৰু বিশেষ সাংগঠনিক সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শৰণীয়া কছাৰী সাহিত্য সভাৰ সভাপতি সোণবৰ বৰুৱাই শৰণীয়া কছাৰী জনগোষ্ঠীৰ মৌখিক সাহিত্য,মন্ত্ৰ সাহিত্যকে ধৰি জনগোষ্ঠীটোৰ সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশ আলোকপাত কৰি ভাষণ প্ৰদান কৰে । বিশিষ্ট শিল্পী প্ৰসাদ শৰণীয়াৰ পৰিচালনাত এটি সমবেত সংগীতেৰে আৰম্ভ কৰা তামুলপুৰ জিলা শৰণীয়া কছাৰী সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক আৰু বিশেষ সাংগঠনিক সভাখনত সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ সম্পাদক দীপজ্যোতি শৰণীয়া , শৰণীয়া কছাৰী সাহিত্য সভাৰ আজীৱন সদস্য বীৰেণ দাস , সদৌ অসম শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰীমঞ্চৰ সভানেত্ৰী প্ৰমিলা দাসেও ভাষণ প্ৰদান কৰে । আজিৰ সভাতেই বীৰেণ দাসক সভাপতি আৰু উমেশ দাসক সম্পাদক হিচাপে লৈ তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী সাহিত্য সভাৰ এখন নতুন সমিতি গঠন কৰা হয় । আজিৰ সভাখনত তামুলপুৰ মহকুমাৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ বহু সংখ্যক জ্যেষ্ঠ নাগৰিকৰ উপৰিও শৰণীয়া কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদক বিনয় কুমাৰ দাস , আজীৱন সদস্য কামেশ্বৰ হাজৰিকা,ধনেশ্বৰ দাস,তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ সম্পাদিকা নীলিমা দাসকে বহু সংখ্যক লোক উপস্থিত থাকে ।