তেজপুৰত শকত মহিলাৰ ব্যতিক্ৰমী ফেশ্বন প্ৰতিযোগিতা , মজিদা শ্বেইখৰ মেকআপ ষ্টুডিঅ’ ইনষ্টিটিউটৰ ব্যতিক্ৰমী অনুষ্ঠান

83

তেজপুৰত শকত মহিলাৰ ব্যতিক্ৰমী ফেশ্বন প্ৰতিযোগিতা , মজিদা শ্বেইখৰ মেকআপ ষ্টুডিঅ’ ইনষ্টিটিউটৰ ব্যতিক্ৰমী অনুষ্ঠান

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১০ নৱেম্বৰঃ শাৰিৰীকভাবে শকত হ’লেই কোনো সমস্যা নহয় অথবা শকত হ’লেই সকলো আনন্দৰ পৰা আঁতৰি থকাৰো যুক্তি নাই। এটা সৃষ্টিশীল আৰু উদ্যমী মন তথা ইতিবাচক মানসিকতাৰে আগবাঢ়িলে শকত হ’লেও বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰি । তেজপুৰত যোৱা দেওবাৰে বিয়লি এনে এক ব্যতিক্ৰমী চিন্তাৰেই পোন প্ৰথমবাৰৰ বাবে মজিদা শ্বেইখৰ মেকআপ ষ্টুডিঅ’ আৰু ইনষ্টিটিউটে অনুষ্ঠিত কৰে শকত মহিলাসকলক লৈ এক ব্যতিক্ৰমী অনুষ্ঠান । শকত মহিলাসকলৰ মাজত স্থানীয় কে আৰ চি হোটেলত অনুষ্ঠিত এই বিশেষ “ৰেম্প ৱাক”ত যোৰহাট,নগাঁও আৰু তেজপুৰৰ বহুকেইগৰাকী প্ৰতিযোগীয়ে অতি উৎসাহৰে অংশগ্ৰহণ কৰে । উল্লেখ্য যে , পৰম্পৰাগত আৰু পশ্চিমীয়া পোছাকৰ দুটা পৰ্য্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনত ভিন্ন ভাষা-ভাষীৰ যুৱতী আৰু পঞ্চাছোৰ্ধৰ মহিলাই অংশ লয় । বিহুৰে আৰম্ভ হোৱা এই বিশেষ ফেশ্বন প্ৰতিযোগিতাখনত সন্মানীয় অতিথি ৰূপে তেজপুৰৰ সৰ্পবান্ধৱ হিচাপে খ্যাত সৌৰভ বৰকটকীয়ে অংশ লৈ প্ৰকৃতি সুৰক্ষা সম্পৰ্কে বক্তৱ্য আগবঢ়ায় । প্ৰতিযোগিতাখন ৰুচিসম্পন্ন হোৱাৰ বিষয়ে প্ৰকাশ কৰি বিচাৰক দিপা দাসে কয় যে , প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী গৃহিনীসকলৰ উৎসাহ আৰু তেওঁলোকে শকত হোৱাৰ বাবে মানুহে যে কোনোধৰণৰ হীনমন্যতাত ভূগিব নালাগে , তাকে প্ৰতিয়মান কৰিলে । প্ৰতিযোগিতাখনত তিনিগৰাকী শীৰ্ষ প্ৰতিযোগী নিৰ্বাচিত কৰা হয় ।