দেৰগাঁও বক্সিং সন্থাৰ উদ্যোগত প্ৰশিক্ষাৰ্থীক খেলৰ সামগ্ৰী আৰু পোছাক প্ৰদান

110

দেৰগাঁও বক্সিং সন্থাৰ উদ্যোগত প্ৰশিক্ষাৰ্থীক খেলৰ সামগ্ৰী আৰু পোছাক প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১১ অক্টোবৰঃ দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত নিউফিল্ডৰ বাকৰিত দেৰগাঁও বস্কিং সন্থাৰ উদ্যোগত এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয় । সন্থাৰ সভাপতি পৰাগ ঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে দেৰগাঁৱৰ আগশাৰীৰ বিহু দল ৰাংঢালী সাংস্কৃতিক গোষ্ঠীৰ বিহু দলে বিহু পৰিবেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলাৰ লগতে এই আবতৰীয়া বিহুৰ ঢোল পেঁপাৰ মাতত ৰজনজনাই উঠে নিউফিল্ডৰ বাকৰি। সন্থাৰ সম্পাদক দিগন্ত নাথে আঁত ধৰা এই অনুষ্ঠানতে দেৰগাঁও বক্সিং সন্থাৰ তত্বাবধানত প্ৰশিক্ষন গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক খেলৰ সামগ্ৰী আৰু পোছাক প্ৰদান কৰা হয় । নুমলিগড় শোধানাগাৰৰ মানৱ সম্পদ বিভাগৰ জ্যেষ্ঠ প্ৰৱন্ধক দেৱাঞ্জন বৰা , সমাজকৰ্মী ৰাজুমনি হুছেইন , অভিযন্তা অনুপ চাহু , দেৰগাঁও ক্ৰীড়া সন্থাৰ সভাপতি বুবুল বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানটিত উপস্থিত থাকি দেৰগাঁও বস্কিং সন্থাৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে আগন্তুক দিনত বিভিন্ন প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰে ।