দেৰগাঁৱত অসম ছাত্ৰ পৰিষদৰ যোগদান সমাৰোহ , তিনিশতাধিকৰ যোগদান

77

দেৰগাঁৱত অসম ছাত্ৰ পৰিষদৰ যোগদান সমাৰোহ , তিনিশতাধিকৰ যোগদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, দেৰগাঁও , ২৬ ছেপ্টেম্বৰঃ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ এক যোগদান সমাৰোহ আজি দেৰগাঁৱৰ ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰৰ প্ৰাংগনত অনুষ্ঠিত হয় । অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অংশগ্রহণ কৰা যোগদান সমাৰোহৰ সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন বিধায়ক তথা অগপনেতা প্ৰবীণ হাজৰিকাই । অসম যুৱ পৰিষদৰ গোলাঘাট জিলাৰ সহ সম্পাদক মিলন জ্যোতি খাটনীয়াৰে উদ্দেশ্য ব্যাখ্যা আৰু অগপৰ কেন্দ্ৰীয় সম্পাদক নুৰুল চুলতানে আদৰণিপৰ্বৰ আঁত ধৰা অনুষ্ঠানত অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিণয়ণ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । ছাত্ৰ নেতা আশীষ জ্যোতি পৰাশৰে আঁত ধৰা যোগদানপৰ্বত দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ কেইবাজনো বিষয়ববীয়া সহ বৃহত্তৰ দেৰগাঁও অঞ্চলৰ তিনিশতাধিক ছাত্র ছাত্ৰীয়ে আনুষ্ঠানিকভাৱে অসম ছাত্র পৰিষদত যোগদান কৰে । অগপৰ সভাপতি , কায্যকৰী সভাপতিকে ধৰি দলীয় বিষয়ববীয়া সকলে নবাগতসকলক দলীয় প্ৰতীকেৰে আদৰণি জনায় । মুখ্য অতিথি,অগপৰ সভাপতি,মন্ত্ৰী অতুল বৰাই নবাগতসকলক দললৈ আদৰণি জনাই সম্পূৰ্ণ সেৱাৰ মনোবৃত্তিৰে কৰ্মত আগ্ৰসৰ হ’বলৈ আহবান জনায় । নতুন উদ্যম , নতুন চিন্তাৰে দলটোক শক্তিশালী কৰিবৰ বাবে ২০১৯ চনত জন্মদিয়া অসম ছাত্ৰ পৰিষদৰ জৰিয়তে আঞ্চলিক দলটোলৈ বৰ্তমান নতুন তেজৰ আমদানি হোৱা বুলি ব্যক্ত কৰি দলৰ সভাপতি জনে নিতৌ শক্তিশালী হোৱা ছাত্ৰ সংগঠনটোৰ ওপৰতে দলৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে । বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰখনে ৰাজ্য খনৰ সামগ্ৰিক উন্নয়নৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কাজ অব্যাহত ৰখাৰ কথা উল্লেখ কৰি তেও ৰাজ্য খনক সকলো দিশতে আগবঢ়াই নিবলৈ প্ৰচেষ্টা চলোৱাৰ কথা ব্যক্ত কৰে । ছাত্র ছাত্ৰী সকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনত ভাষণ দি অগপৰ কাৰ্যকৰী সভাপতি , স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় , সকলোৰে প্ৰথম দায়িত্ব ঘৰখনৰ পৰাই আৰম্ভ হ’ব লাগিব । আঞ্চলিক চিন্তাচৰ্চাক প্ৰাধান্য দি প্ৰথমে ৰাজ্য খনৰ কথাই ভবাটো সকলোৰে কাম্য । ৰাষ্ট্ৰীয় দৃষ্টি ভংগী বাদ নিদিয়াকৈ আঞ্চলিক চিন্তাচৰ্চাক প্ৰাধান্য দি সন্মিলিত প্ৰচেষ্টাৰে কাম কৰিলেহে ৰাজ্য খনক আগবঢ়াই নিব পৰা যাব বুলি তেও মন্তব্য কৰে । আঞ্চলিকতাবাদৰ ধ্বজাখন যাতে নিৰন্তৰে উৰুৱাই ৰাখিব পাৰি , তাৰ বাবে যত্নপৰ হ’বলৈ তেও সকলোকে আহবান জনায় । বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীয়ে ও সভাত শুভেচ্ছা মুলক ব্যক্তব্য আগবঢ়ায় । সভাত অগপৰ কেন্দ্ৰীয় উপসভাপতি ডঃ নৃপেন বৰুৱা , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আচিকুৰ ৰহমান ,চৈয়দ মনোৱাৰ হুচেইন , গৌৰীশংকৰ ভূঞা , ডাঃ পবিত্ৰ বৰতামুলী , ভোলা হাজৰিকা , পৰেশ গগৈ , বাবুল হাতীবৰুৱা , নিত্যেন ঠাকুৰ , গুবিন বৰুৱা , ৰজত শৰ্মা প্ৰমুখ্যে বহুসংখ্যক দলীয় বিষয়ববীয়াই ভাগ লয় । শেষত শলাগৰ শৰাই আগবঢ়াই গোলাঘাট মহকুমা পৰিষদ অগপৰ সম্পাদক জিতুমণি শৰ্মাই ।